• পিতৃৰ জলন্ত চিতাৰ ওপৰতে জঁপিয়াই পৰিল এগৰাকী কন্যা...

    ৰাষ্ট্ৰীয়
    পিতৃৰ জলন্ত চিতাৰ ওপৰতে জঁপিয়াই পৰিল এগৰাকী কন্যা...

    বাৰমেৰ : পিতৃৰ জলন্ত চিতাৰ ওপৰত জঁপিয়াই পৰিল এগৰাকী কন্যা। পিতৃশোকৰ দাহন সহ্য কৰিব নোৱাৰি পিতৃৰ চিতাতে কন্যাই নিজৰো প্ৰাণ বিসৰ্জন দিয়াৰ চেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছে ৰাজস্থানত।





    আৰু পঢ়িব পাৰিব : ৰাজ্যত ড্ৰাগছৰ ব্যাপক বেহা, আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী





    মহিলাগৰাকীৰ পিতৃৰ মৃত্যু হৈছিল ক’ভিড সংক্ৰমণৰ ফলত। তেওঁৰ মৃতদেহ সৎকাৰ কৰি থকাৰ সময়তে ঘটে এই অঘটন। দামোদৰদাস ছাৰদা নামৰ ৭৩বছৰীয়া লোকজনৰ তিনিগৰাকী কন্যাৰ ভিতৰত কনিষ্ঠ কন্যাগৰাকীয়ে এই ভয়ংকৰ কাৰ্য সংঘটিত কৰে। ৩৪বছৰীয়া চন্দ্ৰা ছাৰদাই পিতৃৰ জলন্ত চিতাৰ ওপৰত জঁপিয়াই পৰে।





    আৰু পঢ়িব পাৰিব : শপত লৈয়ে কি বাৰ্তা দিলে মমতাই, কোনে জনালে শুভেচ্ছা?





    তেওঁ শৱ সৎকাৰ অনুষ্ঠানত ভাগ লোৱা লোকসকলে উদ্ধাৰ কৰে যদিও তেওঁৰ শৰীৰ ৭০শতাংশ অগ্নিদগ্ধ হয়। ৰাজস্থানৰ বাৰমেৰৰ হাস্পতালত চিকিৎসাধীৱ অৱস্থাতে লোকজনৰ মৃত্যু হৈছিল। পিতৃশোকত দগ্ধ হৈ চিতাত জঁপিয়াই পৰা চন্দ্ৰাক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোঁৱা হয়।