Sports
নতুন দিল্লী : পৰিয়ালতান্ত্ৰিক ৰাজনীতিক গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই শত্ৰুক সমুলঞ্চে মূলোচ্ছেদ কৰিব লাগিব।
আৰু পঢ়িব পাৰিব : ভোগালীৰ বতৰত মৰণশয্যাত এজন যুৱক, সাহায্য প্ৰাৰ্থনা পৰিয়ালৰ
তেওঁ কয়, ‘পৰিয়ালতান্ত্ৰিক ৰাজনীতি এক প্ৰত্যাহ্বান আৰু ইয়াৰ মূলোচ্ছেদ কৰিব লাগিব। এসময়ত বহু লোকে নিজৰ উপাধি ব্যৱহাৰ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছিল আৰু শাসনলৈ আহিছিল। এতিয়াও কিন্তু এই ব্যাধি সম্পূৰ্ণৰূপে ধ্বংস হোৱা নাই।’
আৰু পঢ়িব পাৰিব : আঘাত অতি গুৰুতৰ, দুৰ্ঘটনাগ্ৰস্ত শ্ৰীপদ নাইকৰ স্বাস্থ্য এতিয়া সুস্থিৰ
দেশৰ যুৱ প্ৰজন্মক ভৱিষ্যতে দেশৰ নেতৃত্ব দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাজনীতি দেশলৈ পৰিৱৰ্তন অনাৰ এক শক্তিশালী মাধ্যম।
Leave A Comment