• ভাৰতত দৈনিক ৪৪হাজাৰ লোক আক্ৰান্ত হৈছে ক'ৰনাত

    ৰাষ্ট্ৰীয়
    ভাৰতত দৈনিক ৪৪হাজাৰ লোক আক্ৰান্ত হৈছে ক'ৰনাত

    নতুন দিল্লী : দেশত ভয়াবহক হাৰত বৃদ্ধি পাইছে ক'ৰনাৰ ভাইৰাছৰ দ্বিতীয়টো ঢৌ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ৪৩,৮৪৬ জন লোক নতুনকৈ কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে৷ যিটো এই বছৰ এতিয়ালৈকে সৰ্বাধিক বুলি বিবেচিত হৈছে৷ যাৰ ফলত ৰাষ্ট্ৰব্যাপী ক'ভিড সংখ্যা ১,১৫,৯৯,১৩০ লৈ বৃদ্ধি হয়। বিগত কেইবাদিনৰ ধাৰাবাহিক দ্ৰুত বৃদ্ধিৰ পাছত আজিৰ দিনটোত দেশত প্ৰায় মুঠ ৩,০৯,০৮৭টা সক্ৰিয় ঘটনাৰ পোহৰলৈ আহে৷ য'ত এতিয়া মুঠ সংক্ৰমণৰ হাৰ ২.৬৬ শতাংশ অন্তৰ্ভুক্ত আছে, আনহাতে আৰোগ্যৰ হাৰ ৯৫.৯৬ শতাংশলৈ হ্ৰাস পাইছে৷ 





    আৰু পঢ়িব পাৰিব : ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মই- হাগ্ৰামা মহিলাৰী





    আইচিএমআৰৰ তথ্য অনুসৰি, ২০মাৰ্চলৈকে ২৩,৩৫,৬৫,১১৯ টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু শনিবাৰে ১১,৩৩,৬০২ টা নমুনা পৰীক্ষা কৰা হৈছে।আনহাতে ক'ভিডত আক্ৰান্ত হৈ নতুনকৈ মৃত্যুৰ মুখত পৰা ১৯৭জনৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৯২ জন, পাঞ্জাৱৰ ৩৮ জন, কেৰালাৰ ১৫ জন আৰু ছত্তীশগড়ৰ ১১ জন।





    আৰু পঢ়িব পাৰিব :ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই





     দেশত এতিয়ালৈকে মুঠ ১,৫৯,৭৫৫ জন ক'ভিডত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে৷ য'ত মহাৰাষ্ট্ৰৰ ৫৩,৩০০, তামিলনাডুৰ ১২,৫৯০, কৰ্ণাটকৰ ১২,৪৩২, দিল্লীৰ ১০,৯৫৫, পশ্চিম বংগৰ ১০,৩০৩, উত্তৰ প্ৰদেশৰ পৰা ৮,৭৫৮ জন আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা ৭,১৮৯ জন মৃত্যু হৈছে।