Politics
Assam chief minister, Himanta Biswa Sarma, challenged his Delhi counterpart, Arvind Kejriwal, to label him corrupt when the latter is on a Guwahati tour...
আগ্ৰা : বিশ্ববিখ্যাত কীৰ্তিচিহ্ন তাজমহলৰ নাম সলনি হ’ব। তাজমহলৰ নাম হ’ব ‘ৰামমহল’ বা ‘শিৱ মহল’। এই দাবী কৰিছে বিজেপিৰ এগৰাকী বিধায়কে। দেশত নাম সলনিৰ পৰম্পৰাই সণ্ঢালনি ৰূপ লোৱাৰ সময়তে সকলোকে চেৰাই গৈ শ্বাহজাহান-মমতাজৰ প্ৰেমৰ কীৰ্তিচিহ্ন হিচাপে চিহ্নিত যাউতিযুগীয়া এই ঐতিহ্যৰ পৰিচয় সলনিৰ দাবী জনালে উত্তৰ প্ৰদেশৰ বাইৰিয়া সমষ্টিৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে।
আৰু পঢ়িব পাৰিব : জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই
কেৱল এয়াই নহয়, সিঙে দাবী কৰে যে তাজমহল পূৰ্বে এটা শিৱ মন্দিৰ আছিল আৰু ইয়াক এতিয়া পুনৰ শিৱ মন্দিৰলৈ ৰূপান্তৰ কৰা হ’ব। বিধায়কজনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মাৰাঠা সম্ৰাট চত্ৰপতি শিৱাজীৰ বংশজ বুলিও দাবী কৰে। মোগল শাসকে ভাৰতৰ সংস্কৃতি সৰ্বতোপ্ৰকাৰে ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ কৰি তেওঁ কয়, বৰ্তমানৰ উত্তৰ প্ৰদেশৰ সোণালী যুগত এই সকলো সলনি কৰা হ’ব।
আৰু পঢ়িব পাৰিব : ডিজিটেল ইণ্ডিয়াৰ সপোন আৰু চৰকাৰৰ নতুন ইণ্টাৰনেট নীতি
তেওঁ কয়, ‘যদি ঈশ্বৰে আশীৰ্বাদ কৰে তেন্তে আপোনালোক সকলোৱে সোনকালে তাজ মহলৰ নাম ৰাম মহল বা শিৱ মহল কৰা দেখিবলৈ পাব। তাজ মহল অতীতত এটা শিৱ মন্দিৰ আছিল আৰু ই পুনৰ ৰাষ্ট্ৰীয় ঐতিহ্য বা ৰাম মন্দিৰৰ ৰূপ পাব।’
Leave A Comment