ডিজিটেল ডেস্কঃ কোৱা হয় যে আপুনি যি কাম কৰি আছে তাৰ হিচাপ-নিকাচ ওপৰৱালাই কৰি আছে। মানুহে এই পৃথিৱীতে ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ বেয়া ফল লাভ কৰে। সেয়েহে সকলো কাম ভাবি-চিন্তি কৰিব লাগে। এটা মন্দিৰত চোৰে চুৰ কৰিবলৈ গৈ যি ঘটনাৰ সন্মুখীন হ'ল সেয়া দেখি সকলোৱে কৈছে যে সকলোবোৰ ভগৱানৰে লীলা। আচলতে ঘটিছিল কি? এজন যুৱকে সুৰাৰ বাবে ধন গোটাবলৈ মন্দিৰত চুৰি কৰিবলৈ গৈছিল। কিন্তু ঈশ্বৰে যুৱকজনক যি শাস্তি দিলে তাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ভাইৰেল ভিডিঅ’টো অন্ধ্ৰ প্ৰদেশৰ (Andhra Pradesh) শ্ৰীকাকুলামৰ কঞ্চলি মণ্ডলৰ যদুপুড়ি গাঁৱৰ বুলি জনা গৈছে। আৰ পাপা আৰো নামৰ এজন ৩০ বছৰীয়া যুৱক চুৰি কৰিবলৈ এটা মন্দিৰত উপস্থিত হৈছিল। যুৱকজন সুৰাৰ প্ৰতি ইমানেই আসক্ত যে সুৰাৰ বাবে ধন গোটাবলৈ সি মন্দিৰত চুৰি কৰাৰ কথা ভাবে। গাওঁখনৰ জামি য়েলাম্মা মন্দিৰৰ দেৱালত এটা যন্ত্ৰৰে ড্ৰিল কৰি সি এটা ডাঙৰ ছিদ্ৰ তৈয়াৰ কৰে আৰু সেই ছিদ্ৰটোৰে সোমাই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। যুৱকজনে ভগৱানৰ মূৰ্তিত থকা ৰূপৰ অলংকাৰবোৰ চুৰি কৰে আৰু সেই ছিদ্ৰৰে আকৌ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে। কিন্তু আচৰিত কথাটো হ'ল যি ছিদ্ৰৰে যুৱকজন সহজেই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিল সেই একেটা ছিদ্ৰৰে ওলাই অহাৰ সময়ত আৱদ্ধ হৈ পৰে।
গোটেই নিশাটো সেই ছিদ্ৰটোতে আৰ পাপা আৰো আৱদ্ধ হৈ থাকে। সি চুৰি কৰা অলংকাৰবোৰ মাটিত পৰি গৈছিল। যেতিয়া ৰাতিপুৱা মন্দিৰটো খুলিবলৈ পুৰোহিতজন আহিছিল তেতিয়া তেওঁ চোৰটোক আৱদ্ধ হৈ থকা দেখে। পুৰোহিতজনে আৰক্ষীক লগালগ ফোন কৰি খবৰ দিয়ে।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অতি কষ্টেৰে চোৰটোক বাহিৰলৈ উলিয়াই আনে আৰু ঘটনাসন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। যুৱকজনে সুৰাৰ বাবে চুৰি কৰা এয়াই প্ৰথম ঘটনা নহয়। সি ইতিমধ্যে কেইবাবাৰো চুৰি কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘটনাটোৰ ভিডিঅ’ চাই মানুহে খুব আনন্দও লৈ আছে। বহুলোকে মন্তব্য কৰিছে যে ভগৱান যে সঁচাকৈয়ে আছে এই ঘটনাই তাকে প্ৰমাণ কৰে। একাংশই চোৰটোক ভগৱানে কঠোৰ শাস্তি দিয়া বুলি মন্তব্য কৰিছে।
Leave A Comment