ডিজিটেল ডেস্ক:২০১৪ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে দেশৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা দেশত ব্যক্তি স্বতন্ত্ৰতা তথা বাক স্বাধীনতাৰ ভয়াৱহ স্খলন হৈছে বুলি সততে অভিযোগ উঠি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ সমালোচনা কৰা সামাজিক কৰ্মীসকল সততে চৰকাৰৰ লক্ষ্য হৈ পৰিছে। বিজেপি চৰকাৰৰ শাসনতন্ত্ৰক স্বৈৰাচ্ছাৰী আখ্যা দি দেশৰ কেইবাজনো প্ৰখ্যাত বুদ্ধিজীৱি, সামাজিক কৰ্মী তথা মানৱ অধিকাৰ কৰ্মীয়ে কাৰাবাস খাটিবলগীয়া হৈছে।
ইয়াৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত কিছু প্ৰতিবাদী কণ্ঠই সস্বৰে চৰকাৰৰ ভূল নীতিৰ সমালোচনা কৰাৰ লগতে ব্যক্তি স্বতন্ত্ৰতাৰ অধিকাৰৰ সবল দাবী উত্থাপন কৰি আহিছে। দেশৰ বিবদমান আৰু অস্থিৰতাত জৰ্জৰিত কাশ্মীৰৰ এনে এক কণ্ঠ হৈছে খুৰাম পাৰভেজ।
বৰ্তমান দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগত কাৰাবন্দী হৈ থকা পাৰভেজক বিশ্বৰ সন্মানীয় টাইম আলোচনীয়ে ২০২২ চনৰ বিশ্বৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে। ‘সন্ত্ৰাসবাদী’ অভিধাৰ পৰা বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান পোৱা এই খুৰাম পাৰভেজ নামৰ ব্যক্তিজন সম্প্ৰতি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে।
ফিলিপাইনছস্থিত এছিয়ান ফেডাৰেচন এগেইনষ্ট ইনভেণ্টেল ডিচেপশ্বনছ (এএফএডি)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা পাৰভেজক যোৱা বছৰ নৱেম্বৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰিছিল। সন্ত্ৰাসবাদী কাৰ্যকলাপক পুঁজি যোগান ধৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (UAPA) অধীনত গোচৰ ৰুজু কৰা হৈছিল।
কাশ্মীৰ উপত্যকাৰ অন্যতম সবল আৰু শক্তিশালী কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰা পাৰভেজ বিগত কেইটামান দশকত কাশ্মীৰৰ ভূ-ৰাজনৈতিক বাতাৱৰণটোৰ লগতে প্ৰচলিত শাসনৰ ব্যৱস্থাটোৰ বিৰুদ্ধে সৰৱ হৈ আহিছে। শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধেও কঠোৰ সমালোচনাত্মক স্থিতি গ্ৰহণ কৰি আহিছে মানৱ অধিকাৰ কৰ্মীজনে।
টাইমছে পাৰভেজক অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে স্বীকৃতি দিয়াৰ সময়তে আলোচনীখনত পাৰভেজ সন্দৰ্ভত এটা টোকা সন্নিৱিষ্ট কৰিছে। এই টোকাটো প্ৰস্তুত কৰিছে প্ৰখ্যাত সাংবাদিক ৰাণা আয়ুবে। আয়ুবে টোকাটোত পাৰভেজক ‘আধুনিক যুগৰ ডেভিদ’ আখ্যা দিছে।
আয়ুবে লিখিছে, “জম্মু আৰু কাশ্মীৰ অঞ্চলত মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বিশ্বজুৰি পাৰভেজৰ কণ্ঠস্বৰ পুনৰ শক্তিশালী ৰূপত প্ৰকাশ পোৱাৰ লগে লগে এই কণ্ঠ ৰুদ্ধ কৰা প্ৰয়োজন হৈ পৰিল। ইয়াৰ ফলশ্ৰুতিত তেওঁক কাৰাবাসী হ’বলগীয়া হ’ল।”
পাৰভেজ হৈছে জম্মু আৰু কাশ্মীৰ ক'লিয়েচন অফ চিভিল চছাইটি (JKCCS)ৰ প্ৰাক্তন কাৰ্যসূচী সমন্বয়ক। ২০০৬ চনত তেওঁ ৰিবক মানৱ অধিকাৰ বঁটা লাভ কৰিছিল। উল্লেখ্য যে, মানৱ অধিকাৰৰ হকে অহিংস উপায়েৰে যুঁজ দিয়া ৩০ বছৰৰ অনুৰ্ধ মানৱ অধিকাৰ কৰ্মীসকলক এই বঁটা প্ৰদান কৰা হয়।
যোৱা বৰ্ষৰ নৱেম্বৰত UAPA ৰ অধীনত পাৰভেজক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সমগ্ৰ বিশ্বব্যাপী তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পাৰভেজৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক মেৰী ল'লৰে এক টুইট যোগে কয়, "পাৰভে সন্ত্ৰাসবাদী নহয়, তেওঁ এজন মানৱ অধিকাৰ ৰক্ষক।"
ৰাষ্ট্ৰসংঘৰ মত প্ৰকাশৰ স্বাধীনতাৰ এজন প্ৰাক্তন বিশেষ প্ৰতিবেদক ডেভিদ কেয়েও এক টুইট যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "যদি সঁচাকৈয়ে খুৰাম পাৰভেজক ভাৰতৰ 'সন্ত্ৰাসবাদ বিৰোধী NIA’ ই গ্ৰেপ্তাৰ কৰিছে, ই কাশ্মীৰত আন এক অসাধাৰণ উৎপীড়ন হৈছে।"
ইয়াৰ পূৰ্বেও পাৰভেজক ২০১৬ চনত কাশ্মীৰৰ উগ্ৰপন্থী কমাণ্ডাৰ বুলি দাবী কৰা বুৰহান ৱানীৰ হত্যাৰ ফলত উদ্ভৱ হোৱা অসামৰিক অস্থিৰতাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৬ চনৰ ১৪ ছেপ্টেম্বৰত UNHRC ৰ অধিৱেশনত অংশগ্ৰহণৰ উদ্দেশ্যে জেনেভালৈ ৰাওনা হোৱাৰ সময়ত পাৰভেজক ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইমিগ্ৰেচন কৰ্তৃপক্ষই বিমানত উঠাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল।
CrPC - ৰ ধাৰা ১০৭ আৰু ১৫১ ৰ অধীনত গ্ৰেপ্তাৰ কৰি পাৰভেজে কুপৱাৰাত চাৰি দিনৰ বাবে কাৰাবাস খাটে। কিন্তু কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে এইবাৰ ৰাজহুৱা সুৰক্ষা আইনৰ দৰে কঠোৰ প্ৰতিৰোধমূলক আইনৰ অধীনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়।
ছাত্ৰাৱস্থাৰ পৰাই প্ৰতিবাদী কণ্ঠ হিচাপে পৰিচিতি লাভ কৰা পাৰভেজে ১৯৯৬ চনত অধ্যয়ন কৰি থকাৰ সময়ত কাশ্মীৰ উপত্যকাত সংঘৰ্ষত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে এক সহায়ক অভিযান আৰম্ভ কৰিছিল।
ইয়াৰ পাছতে তেওঁ সাধাৰণ কাশ্মীৰী জনগণৰ ওপৰত চলা কঠোৰ অবদমন আৰু হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে এগৰাকী সক্ৰিয় আৰু সবল মানৱ অধিকাৰ কৰ্মী ৰূপে আত্মপ্ৰকাশ কৰে। ‘সন্ত্ৰাসবাদী’ৰ অভিযোগত নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পৰা টাইমছৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভূক্তিয়ে পাৰভেজৰ দীৰ্ঘদিনীয়া মানৱ অধিকাৰ যুঁজখনৰ এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
Leave A Comment