• উদ্বেগজনকভাৱে বৃদ্ধি কৰ'নাৰ সংক্ৰমণ :মহানগৰীত পুনৰ বলৱৎ হ’ব পাৰে কঠোৰ বিধি

    আঞ্চলিক
    উদ্বেগজনকভাৱে বৃদ্ধি কৰ'নাৰ সংক্ৰমণ :মহানগৰীত পুনৰ বলৱৎ হ’ব পাৰে কঠোৰ বিধি

    গুৱাহাটী : গুৱাহাটীত পুনৰ বিপজ্জনক ৰূপ লৈছে কৰ’নাই৷ গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ ৷ কালিৰ দিনটোত গুৱাহাটীত আক্ৰান্ত হয় মুঠ ২৪৭ জন লোক৷





    গুৱাহাটীত পুনৰ বলৱৎ হ’ব পাৰে কঠোৰ ক’ভিড বিধি৷ পুনৰ সান্ধ্য আইনৰ সময় বৃদ্ধি পোৱাৰ সম্ভাৱনা৷ কালিৰ দিনটোত ৰাজ্যত নতুনকৈ আক্ৰান্ত হয় মুঠ ২,৪৯৩ জন লোক৷ গোলাঘাটত ২০৯, যোৰহাটত ১৭৬ জন আক্ৰান্ত৷ লখিমপুৰত আক্ৰান্ত হৈছে ১৭৩ জন লোক৷ বিগত ২৪ ঘণ্টাত কৰ'নাত মৃত্যু হৈছে ২৪ গৰাকী ৰোগীৰ৷