Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
কৰিমগঞ্জ : ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত। এইবাৰ কৰিমগঞ্জত জব্দ কৰা হৈছে ব্যাপক পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। কৰিমগঞ্জৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে কোটি টকাৰ ইয়াবা টেবলেট। কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ হল প্ৰায় ২০ হেজাৰ নিচাজাতীয় ইয়াবা টেবলেট।
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে পাথাৰকান্দিৰ পানীঘাট এলেকাত থকা জনৈক ৰকিব উদ্দিনৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে এই বুজন পৰিমাণৰ ড্ৰাগছখিনি। টেবলেটখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম অনুমানিক এক কোটি টকা বুলি জানিব পৰা গৈছে। তালাচীকালত আৰক্ষীয়ে নাছিৰউদ্দিন নামৰ যুৱকজনক আটক কৰিছে। নাছিৰউদ্দিক আৰক্ষীয়ে আটক কৰাৰ পাছতে ধৃত লোকজনক আৰক্ষীৰ হাতৰপৰা মোকলাই নিয়াৰ বাবে একাংশ লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। পিছত আৰক্ষীয়ে আক্ৰমণকাৰীকেইজনকো কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা লোককেইজন হৈছে,আব্দুল কাদিৰ, ছইফুল্লা, আৰু আব্দুল্লা।
Leave A Comment