• গুৰুজনাৰ আদৰ্শৰ অনুপ্ৰেৰণা : কিদৰে চান্দ ওজা হ’ল চান্দু মিঞা!

    আঞ্চলিক
    গুৰুজনাৰ আদৰ্শৰ অনুপ্ৰেৰণা : কিদৰে চান্দ ওজা হ’ল চান্দু মিঞা!

    বৰপেটাঃ ইছলাম ধৰ্ম ত্যাগ কৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা এগৰাকী বৈষ্ণৱ ভকত, নাম চান্দ ওজা৷ বৰপেটা জিলাৰ ‘মইনবড়ী সত্ৰ’ক লৈ চলি অহা বিভিন্ন বিতৰ্কৰ মাজতো ‘মইনবড়ী সত্ৰ’ই দেখুৱাইছে এক অনন্য নিদৰ্শন৷ মইনবড়ীৰ চান্দু মিঞাক বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰি জগতগুৰু শংকৰদেৱে গঢ় দিব বিচৰা সমন্বয়ৰ বৰ অসমৰ ভেটি নিৰ্মাণৰ কামত অগ্ৰসৰ হৈছে নাৰায়ণ দাস ঠাকুৰ আতাৰ ‘মইনবড়ী সত্ৰ’। ‘মইনবড়ী সত্ৰ’ৰ সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰীৰ আল-পৈচান ধৰা হিচাপে থাকি বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল চান্দ মিঞা৷





    ১৯৮৮ চনত আচাৰ্য ইলাৰাম দাসৰ ওচৰত শৰণ লাভ কৰি চান্দু মিঞা হৈ পৰে চান্দু ওজা৷ চান্দু ওজাৰ কণ্ঠত নিগৰে নামঘোষা, কীৰ্তন ঘোষাৰ পদ৷ শ্ৰীমন্ত শংকৰদেৱ-মাধৱ, নাৰায়ণ দাস ঠাকুৰ আতাৰ অনুগামী ভকতৰ জীৱন আৰম্ভ কৰা চান্দ ওজাই মাধৱদেৱৰ অনুসৰণেৰে সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি এগৰাকী উদাসীন ভকতৰ জীৱন আঁকোৱালি লয়৷ ঘৰ-সংসাৰ ত্যাগ কৰি নামনি অসমৰ ইখনৰ পাছত সিখন সত্ৰ ঘূৰি গুৰুজনাৰ নামতে নিজকে সমৰ্পন কৰিছে চান্দ ওজাই৷





    চান্দ ওজাৰ ইচ্ছা, ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱা ‘মইনবড়ী সত্ৰ’খন পূৰ্বৰ স্থানতে পুনৰ স্থাপন কৰি গুৰুধৰ্ম প্ৰচাৰ কৰি সত্ৰৰ বন্তিগছি জ্বলাই নিগাজীকৈ ৰখাৰ! চান্দু ওজাৰ আশা, সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, সকলো ধৰ্মাৱলম্বী লোক শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম-ধৰ্ম গ্ৰহণ কৰি এখন বৰ অসমীয়া সমাজ গঢ়ি তোলাৰ৷ ইছলামধৰ্মী সমাজৰ পৰা আহি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ বাবে প্ৰথম অৱস্থাত নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল তেওঁ৷ সাংবাদিকৰ সন্মুখত চান্দ ওজাই এনেদৰে মন্তব্য কৰে যে,- ‘আমাৰ পূৰ্ব-পুৰুষসকল যিহেতু হিন্দুৱেই আছিল, সেয়ে আমাৰ ৰক্ততো এতিয়াও কৃষ্ণ নামৰ সোঁতেই প্ৰৱাহিত হৈ আছে৷ কিবা পৰিস্থিতিত পৰি ককা বা আজোককাই ইছলাম ধৰ্ম গ্ৰহণ কৰিলেও আমি পুনৰাই মূল সুঁতিলৈ উভতি আহিছো৷’


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor