• চাহাৰৰ চমক, নাটকীয় দ্বিতীয় এদিনীয়াত ভাৰতৰ জয়

    আঞ্চলিক
    চাহাৰৰ চমক, নাটকীয় দ্বিতীয় এদিনীয়াত ভাৰতৰ জয়

    কলম্বোঃ শ্ৰীলংকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ দ্বিতীয় এদিনায়াতো ভাৰতে জয়লাভ কৰিছে। জয়ৰ নেপথ্যত উজলিল দীপক চাহাৰ-সূৰ্যকুমাৰ যাদৱ। টছত জিকি শ্ৰীলংকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ২৭৬ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক। ভাৰতৰ হৈ সৰ্বাধিক ৩টাকৈ উইকেট দখল কৰে য়ুজৱেন্দ্ৰ চহল আৰু ভুৱনেশ্বৰ কুমাৰে। ২৭৬ৰানৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে পৃথ্বী শ্ব আৰু অধিনায়ক শিখৰ ধৱনে ইনিংছ মুকলি কৰে। শ্ৰীলংকাৰ বলিং কৌশলত থৰকাচুটি হেৰুৱায় অপেনাৰদ্বয়ে।





    পৃথ্বী শ্বই ১৩ আৰু ধৱনে ২৯ৰানত বৰঙনিৰে পেভিলিয়নমুখী হয়। মিড্ল অৰ্ডাৰ ভাৰতীয় বেটছমেনো নিষ্প্ৰভ হৈ ৰয়। ঈষাণ কিষণ, হাৰ্দিক পাণ্ডিয়াইও আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়। মনীশ পাণ্ডে আৰু সূৰ্যকুমাৰ যাদৱে ভাৰতৰ জয়ৰ পথ প্ৰসস্ত কৰি তোলে। কিন্তু ডাছুন চনাকা আৰু লক্ষণ ছণ্ডাৰকানে দুয়োকে ইনিংছ দীঘলীয়া কৰাত বাধা দিয়ে। পলকতে ভাৰতৰ নিশ্চিত বিজয় আশা পুনৰ ৰুদ্ধ হৈ পৰে। কিন্তু দীপক চাহাৰৰ নাটকীয় ইনিংছে ভাৰতৰ জয়ৰ পথ সুগম কৰি তোলে।





    চাহাৰে অপৰাজিত ৬৯ৰানৰ কৌশলী ইনিংছ খেলে। খেলৰ অন্তিম মুহূৰ্তলৈকে চাহাৰৰ সংগ দিয়ে বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে। ভুৱনেশ্বৰে অপৰাজিত ১৯ ৰানৰ বৰঙনি আগৱঢ়ায়। উল্লেখ্য যে, ২০১৯-ত শ্ৰীলংকাৰ বিৰূদ্ধে ধোনীৰ সৈতে চাহাৰে এক স্মৰণীয় ইনিংছ খেলিছিল। ইফালে, ক্ৰমাগত দ্বিতীয় এদিনীয়াত জয়েৰে ভাৰতে ২-০ ৰ অগ্ৰগতি লৈ শৃংখলা দখল কৰিছে। ২৩ জুলাইত সন্মান ৰক্ষাৰ যুঁজত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব শ্ৰীলংকা।