• ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা! গ্ৰেপ্তাৰ ৬৩ বছৰীয়া শিক্ষক

    আঞ্চলিক
    ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা! গ্ৰেপ্তাৰ ৬৩ বছৰীয়া শিক্ষক

    শিলচৰঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক নিজ কুকৰ্মেৰে অপবিত্ৰ কৰিলে শিলচৰৰ এজন শিক্ষকে৷ ৯ বছৰীয়া এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শ্যামসুন্দৰ দেৱ নামৰ সংগীতৰ এজন শিক্ষক৷ জঘন্য এই ঘটনাটো সংঘটিত হৈছে শিলচৰ ৰংপুৰৰ আঙ্গাৰজুৰ অঞ্চলত৷ ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকে দাখিল কৰা এজেহাৰৰ ভিত্তিতে তেওঁলোকৰ ৯বছৰীয়া কন্যাই দীৰ্ঘদিনৰেপৰা এলেকাৰ শ্যামসুন্দৰ দেৱ নামৰ এজন সংগীত শিক্ষকৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আহিছে৷





    কিন্তু হঠাৎ সোমবাৰে তেওঁলোকৰ ৯বছৰীয়া ছোৱালীজনীয়ে সংগীত শিক্ষাগ্ৰহণ কৰিবলৈ যোৱাৰ ক্ষেত্ৰত আপত্তি জনায়৷ পিছে পিতৃ-মাতৃয়ে নিজ ছোৱালীগৰাকীৰ পৰা ঘটনা সন্দৰ্ভত জানিবলৈ চেষ্টা কৰাত কন্যাগৰাকীয়ে কয় যে, সংগীতশিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ পাছত শিক্ষকজনে তেওঁৰ লগত কুকৰ্ম কৰাৰ চেষ্টা চলাইছিল৷





    এই ঘটনা পোহৰলৈ অহাৰ পাছত ভুক্তভোগী কন্যাগৰাকীৰ পিতৃ-মাতৃয়ে শিক্ষক শ্যামসুন্দৰ দেৱৰ ঘৰত গৈ লম্পট শিক্ষকজনক কৰায়ত্ত কৰি খবৰ দিয়ে আৰক্ষীক৷ আৰু আৰক্ষীয়ে আটক কৰে লম্পট শিক্ষক শ্যামসুন্দৰ দেৱক৷ ইপিনে এই সমস্ত ঘটনা লৈ শিশু-কন্যাৰ মাতৃয়ে ৰংপুৰ আৰক্ষীয়ে শিক্ষক শ্যামসুন্দৰ দেৱৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।