• ছ’চিয়েল মিডিয়াত ভাইৰেল গুলপীয়া ডলফিন

    আঞ্চলিক
    ছ’চিয়েল মিডিয়াত ভাইৰেল গুলপীয়া ডলফিন

    গুৱাহাটীঃ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা গুলপীয়া ৰঙৰ ডলফিন । এনে ৰঙৰ ডলফিন দেখাৰ সৌভাগ্য বেছিসংখ্যক লোকৰে নাই বুলি বহু লোকে মন্তব্য প্ৰকাশ কৰিছে। অলপতে এনে এটা ডলফিনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। প্ৰকৃতিত অতি বিৰল গুলপীয়া ডলফিন সাধাৰণতে আমাজন নদীত পোৱা যায়।





    বলিভিয়া, ব্ৰাজিল, কলম্বিয়া, ইকুৱেডৰ, গায়ানা, পেৰু আৰু ভেনিজুৱেলাৰ দৰে কেইবাখনো দেশত আমাজন আৰু অৰিনোকো নদীৰ অৱবাহিকাত ইয়াক দেখিবলৈ পোৱা যায়। ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অব্ নেচাৰৰ দ্বাৰা এই ডলফিনক অতি সংবেদনশীল বুলি চিহ্নিত কৰা হৈছে।





    গুলপীয়া ডলফিন টোৰ ভাইৰেল ভিডিঅ’টো টুইটাৰ ব্যৱহাৰকাৰীসকলে শ্বেয়াৰ কৰি তেওঁলোকে লিখিছে যে, ‘কেতিয়াও এই ৰঙৰ ডলফিন দেখা নাছিলোঁ।’ বহুলোকে এইটো এটা বিসংগতি বুলি উল্লেখ কৰি প্ৰকাশ কৰিছে।