• জটিল ৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ যুৱক, চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ সহায়...

    আঞ্চলিক
    জটিল ৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ যুৱক, চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ সহায়...

    বাকসাঃ মুকালমুৱাৰ দৰঙ্গিপাৰা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ তপন কলিতা নামৰ এজন যুৱক বিগত দহমাহে আক্ৰান্ত হৈ আছে এক জটিল ৰোগত। ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন কটাইছে যুৱকজনে। পৰিয়ালৰ ভাষ্য অনুসৰি, তেওঁৰ ৰাজহাড়ত টিউমাৰ হোৱা বুলি চিকিৎসাকে জনাইছে। পৰিয়ালৰ লোকে যুৱকজনক জিএমচিএইচলৈ লৈ গৈছিল যদিও যুৱকজনৰ হোৱা ৰোগবিধৰ চিকিৎসা চিএমচিএইচত নহয় বুলি চিকিৎসকে জনায়।





    পাছত উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি ২ লাখ টকাৰে যুৱকজনক ‘ৰহমান হাস্পতাল’ত ভৰ্তি কৰোৱায়। ‘ৰহমান হাস্পতাল’ত যুৱকজনৰ এবাৰ অস্ত্ৰপ্ৰচাৰ হয় যদিও যুৱকজনে আৰোগ্যলাভ নকৰিলে। চিকিৎসকে ইতিমধ্যে যুৱকজনক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবলৈ পৰামৰ্শ দিছে পৰিয়ালৰ লোকক। কিন্তু আৰ্থিক অভাৱত এতিয়া ঘৰতে ৰাখিবলগীয়া হৈছে যুৱকজনক। যুৱকজনৰ চিকিৎসাৰ নামত ঘৰৰ গৰু, ছাগলী, মাটি, সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হেৰুৱাছে পৰিয়ালটিয়ে।





    দুখৰ বিষয় যে, উন্নত চিকিৎসাৰ বাবে যুৱকজনক বাহিৰলৈ নিয়া দূৰৈৰ কথা, দুবেলা-দুমুঠি যোগাৰ কৰাৰো সামৰ্থ নোহোৱা হৈছে দৰিদ্ৰ পৰিয়ালটোৰ। ৰাইজ তথা চৰকাৰৰ ওচৰত সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে। যদি কোনো লোকে আৰ্থিকভাৱে সহায় কৰিব বিচাৰে ‘State Bank of India’ৰ ‘Mukalmua Branch’ৰ A/C- 31753525771( IFSC CODE-SBIN0011610) নম্বৰৰ তপন কলিকতাৰ বেংক একাউণ্টত ধন আগবঢ়াব পাৰে!