চৰাইদেউ : এইবাৰ চৰাইদেউ আৰক্ষীৰ জালত আন এজন ভুৱা চিকিৎসক৷ গকুল বৰুৱা নামৰ ভূৱা চিকিৎসকজন চৰাইদেউৰ নাফুক চাহ বাগিচাৰ হাস্পতালত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।
১৯৯১ চনৰ পৰা 'নাফুক চাহ বাগিচাৰ হাস্পতাল'ত কৰ্মৰত আছিল গকুল বৰুৱা৷ আৰক্ষীয়ে ১৪৭/২১ নম্বৰ গোচৰত দণ্ডবিধি ৪১৯/৪২০/৪৬৮/৪৭১/৩৩৬ আৰ ডব্লিউ ধাৰাত গ্ৰেপ্তাৰ কৰে গকুলক৷
তেওঁ গুজৰাটত কৰ্মৰত কৃষ্ণকান্ত কোঁৱৰ নামৰ অসমৰ এজন চিকিৎসকৰ ভুৱা প্ৰমাণপত্ৰে ইমান বছৰে কৰ্মৰত আছিল চিকিৎসা বৃত্তিত ।
Leave A Comment