National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
মাজুলী : যোৱা ৮ ছেপ্তেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ বিভীষিকা পাহৰিব পৰা নাই ৰাজ্যবাসীয়ে৷ তিনিগৰাকীকৈ লোকে প্ৰাণ হেৰুৱা এই কৰুণ দুৰ্ঘটনাৰ পৰা কোনোমতে জীৱন ৰক্ষা পৰা নাওখনৰ বাকী যাত্ৰীসকলৰ সেই পৰিস্থিতিয়ে আজিও শংকাৰ সৃষ্টি কৰি আহিছে৷ মানসিকভাৱে যাত্ৰীসকলে আজিও স্বাভাৱিক পৰিস্থিতিৰ সৈতে খাপ খোৱাবলৈ অপ্ৰস্তুত হৈ পৰিছে বুলি জানিব পৰা গৈছে৷
নাওখনত থকা ৮৮ জন যাত্রীয়ে কোনোমতে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হৈছিল সেই শোকাৱহ দুৰ্ঘটনাৰ পৰা। এই সকল দুৰ্গত ব্যক্তিয়ে আজিও আঁতৰাব পৰা নাই সেই দিনটোৰ বিভীষিকা। স্বাভাৱিক জীবন যাপন কৰিবলৈ সক্ষম নোহোৱা সেইসকল ব্যক্তিৰ কাষত মানৱতাৰ নিদৰ্শন হৈ সহায়ৰ বাবে আগবাঢ়ি আহিছে বেচৰকাৰী সংস্থা 'পথিক'। মাজুলী গড়মূৰ প্ৰেছ ক্লাৱত মনোৰোগ বিশেষজ্ঞৰ এটা দল লৈ ৮৮ জন ব্যক্তিৰ মনোৰোগ চিকিৎসা আগবঢ়াই পথিকে।
এই সকল দুৰ্গত ব্যক্তিৰ মনোৰোগ চিকিৎসা আৰু মানসিক থেৰাপিৰ প্ৰয়োজন আছে বুলি মনোৰোগ বিশেষজ্ঞই জানিবলৈ দিয়ে৷ ইয়াৰ বিপৰীতে মাজুলী জিলা প্ৰশাসনৰ নিলিপ্ত ভূমিকা গ্ৰহণ কৰাৰ লগতে ক্ষতিপূৰণৰো কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ কৰিছে৷ পথিকে গুৱাহাটীৰ পৰা ৩ দিনীয়াকৈ মাজুলীৰ ৮৮ জন দুৰ্ঘটনাত পতিত ব্যক্তিক মানসিক চিকিৎসা প্ৰদান কৰিব৷
Leave A Comment