• নগাঁৱৰ ধিঙত অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ : গুলীবিদ্ধ ড্ৰাগ্ছ-ভূমাফিয়া

    আঞ্চলিক
    নগাঁৱৰ ধিঙত অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ :  গুলীবিদ্ধ ড্ৰাগ্ছ-ভূমাফিয়া

    ধিং : নগাঁৱৰ ধিঙত অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ৷ ১নং কান্ধুলীমাৰীত গুলীবিদ্ধ হয় ড্ৰাগ্ছ-ভূমাফিয়া ৷ আৰক্ষীৰ গুলীত আহত হয় ডকাইত নুৰ হুছেইন নামৰ এজন লোক৷ ধিঙত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ। নিশা ধিং আৰক্ষীয়ে কৰায়ত্ব কৰিছিল দুধৰ্ষ ডকাইত তথা ড্ৰাগছ তথা ভূ-মাফিয়া নুৰ হুছেইনক ।





    ধিং আৰক্ষীয়ে আটক কৰাৰ সময়তেই পিষ্টলেৰে আৰক্ষীলৈ গুলীয়াবলৈ চেষ্টা চলাওঁতেই আৰক্ষীয়ে দুধৰ্ষ ডকাইতটোক গুলিয়াই আহত কৰে । দুধৰ্ষ ডকাইতটোৰ ভৰিত গুলী লাগে আৰু নিশাই উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ।





    উল্লেখ্য যে, দেওবাৰে ভূ-মাফিয়া নুৰ হুছেইনৰ নেতৃতত ২০- ২৫ জনীয়া অস্ত্ৰধাৰী দলে একে অঞ্চলৰে উৰজত আলিকে ধৰি ৮ জন লোকক আক্ৰমন কৰি গুৰুতৰভাৱে আঘাত কৰিছিল। আক্ৰমণত উৰজত আলীক পিষ্টলেৰে গুলিয়াইছিল নুৰ হুছেইনে। উৰজত আলি বৰ্তমানেও চিকিৎসাধীন অৱস্থাত । তেতিয়াৰ পৰাই আৰক্ষীয়ে নুৰ হুছেইনৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছিল।