North East
নতুন দিল্লীঃ ছাউদাম্পটনত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতক পৰাভূত কৰি বিজয়ী হয় নিউজিলেণ্ডে। উল্লেখ্য যে, দুবছৰ পাছত পুনৰ অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। এই শৃংখলাৰ সূচী ইতিমধ্যে প্ৰকাশ পাইছে। আন্তঃৰ্জাতিক ক্ৰিকেট কাউঞ্চিল চমুকৈ আইচিচি-এ প্ৰকাশ কৰা এই সূচীত নাই ভাৰত-পাকিস্তানৰ খেল। আইচিচি-ৰ নিয়ম অনুযায়ী টেষ্ট চেম্পিয়নশ্বিপত অংশগ্ৰহণকাৰী ৯খন দেশৰ প্ৰত্যেকে নিজৰ পছন্দ অনুসৰী ৬খন দেশৰ বিপক্ষে প্ৰতিাদ্বন্দ্বিতা আগবঢ়াব পাৰে। কিন্তু ভাৰত বা পাকিস্তান কোনো এটি দলে বিপক্ষৰে অংশগ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰা নাই।
ইংলেণ্ডলৈ ৰাওনা হোৱা বিৰাট কোহলী নেতৃত্বাধীন ভাৰতে এই শৃংখলাৰ জৰিয়তে আৰম্ভ কৰিব আগন্তুক টেষ্ট চেম্পিয়নশ্বিপৰ মহাসমৰ। চলিত বৰ্ষৰ শেষলৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে যাব ভাৰতীয় দল। আৰু ২০২২ৰ নৱেম্বৰ মাহত বাংলাদেশৰ উপৰি অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় দল।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পৰাভূত হোৱাৰ গ্লানিয়ে ম্লান পেলাব পৰা নাই ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগ। বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় দলৰ আশাপ্ৰদ প্ৰদৰ্শনৰ বাবে বাট চাইছে ক্ৰীড়া অনুৰাগীয়ে। অৱশ্যে কোহলী বাহিনীয়ে পৰৱৰ্তী সময়ত দেশবাসীৰ আশাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হয়নে নহয়, সেয়াহে হ’ব লক্ষ্যণীয়!
Leave A Comment