• পুনৰ অশান্ত অসম-মিজো সীমান্ত !

    আঞ্চলিক
    পুনৰ অশান্ত অসম-মিজো সীমান্ত !

    কাছাৰ: আকৌ উত্তপ্ত কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্ত। অসমৰ ভূমিত পথ নিৰ্মাণত বাধা আৰোপ কৰে মিজো আৰক্ষীয়ে। বৃহস্পতিবাৰে ধলাই সমষ্টিৰ অসম-মিজোৰাম সীমান্ত অঞ্চল বাঘেওয়ালাত কাছাৰ জিলা প্ৰশাসনে অসমৰ ভূমিত এটা পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পাছতে বাধা আৰোপ কৰে মিজো আৰক্ষী আৰু স্থানীয়‌ মিজো লোকে।





    এই খবৰ লাভ কৰি বিশাল বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ। আৰক্ষী উপস্থিত হোৱা পাছত পৰিস্থিতি অলপ উত্তপ্ত হৈ উঠে। আজি পথনিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে পুনৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ ঘটনাস্থলীত উপস্থিত হয় যদিও মিজো আৰক্ষী আৰু মিজো লোকৰ বাধাত কাম আৰম্ভ কৰিব পৰা নাই।





    অৱশ্যে পথ নিৰ্মাণৰ কাম স্থবিৰ হোৱাৰ পাছতে বৰ্তমান সীমান্ত এলাকাত চেপা উত্তেজনাই বিৰাজ কৰিছে।