Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট ইতিহাসত ইংলেণ্ডৰ বিৰুদ্ধে নাইটৱেষ্ট ট্ৰ্ফীৰ ফাইনেলত অধিনায়ক হিচাপে সৌৰভ গাংগুলীৰ বিজয় আছিল লেখত ল’বলগীয়া। ভাৰতে চমকপ্ৰদ বিজয়লাভ কৰাৰ পাছতে পোছাক খুলি উদ্দাম চেলিব্ৰেশ্যনত ব্যস্ত হৈ পৰিছিল সৌৰভ গাংগুলী। সৌৰভ গাংগুলীৰ পোছাক খোলা সেই দৃশ্যই ক্ৰিকেট ইতিহাসত আইকনিক মৰ্যাদা লাভ কৰা কথাটোক নুই কৰিব নোৱাৰি। শেহতীয়াকৈ সেই ঘটনাৰ স্মৃতি ৰোমন্থন কৰিছে বলীউড ছুপাৰষ্টাৰ অমিতাভ বচ্চনে। উল্লেখ্য যে, সম্প্ৰতি সম্প্ৰচাৰিত হোৱা ‘কৌন বনেগা কড়োৰপতি’ৰ এটি খণ্ডত আমন্ত্ৰিত হৈছিল ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকী।
নিজৰ এই আইকনিক পোছাক খোলা দৃশ্যৰ স্মৃতি ৰোমন্থন কৰি কয় যে, ‘ মোৰ ছোৱালীয়ে এই দৃশ্য দেখাৰ পাছত সুধিছিল কিয় মই এনে এটা কাম কৰিছিলো! মই আন্তৰ্জাতিক ক্ৰিকেটত ২০হাজাৰৰো অধিক ৰান কৰিছো। কিমান যে ক’ভাৰ ড্ৰাইভ কৰিছো, হিচাপ নাই। তথাপি আজিও সকলোৱে মোক লৰ্ডছ বেলকনিৰ সেই চেলিব্ৰেশ্যনৰ কথাটোক লৈয়ে প্ৰশ্ন তোলে।’
গাংগুলীৰ এই কৃতিত্বৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত হোৱাৰ লগতে এনেধৰণৰ উদযাপন তেওঁৰ দৰে এজন অধিনায়কক সু-শোভিতহে কৰে বুলিও অনুষ্ঠানটোৰ সঞ্চালক অমিতাভ বচ্চনে প্ৰশংসা কৰিছিল। পৰৱৰ্তী সময়ত দাদাই বিৰাট কোহলীৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ বিগ-বিক কয়, ‘বিৰাট কোহলীক কেতিয়াও প্ৰত্যাহ্বান নজনাব। তেওঁ পোছাক নিপিন্ধাকৈ অক্সফ’ৰ্ড ষ্ট্ৰীটলৈ যাব পাৰে ।’
অনুষ্ঠান চলাকালীন সময়ত লৰ্ডছৰ বেলকনিৰ ক্লিপিংবোৰ দেখুওৱা হৈছিল। সৌৰভে তেতিয়া কিনো কৈছিল সেয়াও জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকাগৰাকীয়ে। ইফালে, সেই সময়ৰ অন্যতম প্ৰত্যক্ষদৰ্শী তথা ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ সেহৱাগেও এক নতুন তথ্য পোহৰলৈ আনে। তেওঁ কয়, ‘শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে জ্যেষ্ঠ তাৰকাই সৌৰভক কাপোৰ খুলিবলৈ বাধা দিছিল। কিন্তু দাদাই তেওঁলোকৰ কথা নুশুনিলে। তেওঁ নিজৰ চাৰ্ট খুলি ভাৰতৰ সেই ঐতিহাসিক বিজয় উদযাপন কৰিছিল।’
অৱশ্যে, দাদাই কোৱাৰ দৰে বিৰাট কোহলীয়ে পোছাক নিপিন্ধাকৈ অক্সফ’ৰ্ড ষ্ট্ৰীটলৈ যাবনে নাই, সেয়া অনাগত সময়েহে ক’ব!
Leave A Comment