• ফাইনেলত কমলপ্ৰীত কৌৰ, যোগ্যতা অৰ্জনত ব্যৰ্থ সীমা পুনিয়া

    আঞ্চলিক
    ফাইনেলত কমলপ্ৰীত কৌৰ,  যোগ্যতা অৰ্জনত ব্যৰ্থ সীমা পুনিয়া

    ট’কিঅ’ : ভাৰতৰ বাবে সুখবৰ কঢ়িয়াই আনিছে এথলীট কমলপ্ৰীত কৌৰে। চলিত অলিম্পিকত ‘ৰূপালী কন্যা’ মীৰাবাঈ চানুৱে দেশৰ হৈ প্ৰথমটো পদকলাভ কৰিছিল। পৰৱৰ্তী সময়ত পিভি সিন্ধু, লাভলীনা বৰগোহাঁইৰ ধাৰাবাহিক বিজয়ে দেশবাসীৰ মনত আশাৰ পুলক জগাইছে। শেহতীয়াকৈ, দেশবাসীৰ বাবে গৌৰৱ কঢ়িয়াইছে কমলপ্ৰীত কৌৰে। মূল ইভেণ্টলৈ উন্নীত হোৱা এক শক্তিশালী ছিজনৰ পাছত ভাৰতীয় এথলীটগৰাকীয়ে ডিছকাছ থ্ৰ’ত ৬৪ মিটাৰ দূৰলৈ বল নিক্ষেপেৰে চলিত অলিম্পিকৰ মহিলা ডিছকাছ থ্ৰ’ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে।





    অৱশ্যে, ফাইনেলৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হয় আন এগৰাকী ভাৰতীয় এথলীট সীমা পুনিয়া। সীমা পুনিয়াই ৬০.৫৭ মিটাৰ দূৰলৈ বল নিক্ষেপেৰে তালিকাৰ ১৬সংখ্যক স্থান লাভ কৰিছিল। কমলপ্ৰীতৰ জয়ে আৰু এটা পদকলাভৰ আশা সজীৱ কৰি তুলিছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভালাৰী অ’লমেনৰ পাছত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা দ্বিতীয় ডিছকাছ থ্ৰ’য়াৰ কমলপ্ৰীত কৌৰ। ফাইনেল খেলখন সোমবাৰে অনুষ্ঠিত হ’ব।