• লুইতৰ বুকুত কিমান এন্ধাৰ: পঢ়ক কথমপি ৰাণৰক্ষা পৰা মমী দাসৰ শিহৰণকাৰী ভাষ্য

    আঞ্চলিক
    লুইতৰ বুকুত কিমান এন্ধাৰ: পঢ়ক কথমপি ৰাণৰক্ষা পৰা মমী দাসৰ শিহৰণকাৰী ভাষ্য

    ডিজিটেল ডেস্ক:ভৰা লুইতৰ কোবাল সোঁ‌তে যিকোনো মানুহৰ বুকুতে কঁ‌পনি তুলিব পাৰে।আৰু সেই ভৰা লুইতত পৰি যোৱাৰ অভিজ্ঞতা কিমান ভয়াবহ হ'ব পাৰে! আপুনি- মই কল্পনাও কৰিব নোৱাৰা এনে এক অভিজ্ঞতাৰেই মুখামুখি হ'ল মাজুলীৰ মমী দাস। মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰা এইগৰাকী মহিলাই আগবঢ়াইছে চাঞ্চল্যকৰ ভাষ্য।





    ডুবি যোৱা নাওখনৰ পৰ অন্যখন নাওলৈ জাঁপ দিওতে পানীত পৰি যোৱা মমী দাস নামৰ মহিলাগৰাকীয়ে কয়, “ মই পানীৰ তললৈ সোমাই গৈ আছিলো।বহু চেষ্টা কৰিও মই ওপৰলৈ ওলাই আহিব পৰা নাছিলো। তেতিয়াই মোৰ মানুহজনে মোৰ চুলিত ধৰি নাওখনৰ তলেৰে উলিয়াই আনে আৰু বামত ৰাখে। নাওৰ তলেৰে ওলাই আহোতে মই বুকু আৰু পিঠিত আঘাত পাওঁ”।






    ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱাৰ ভয়াবহ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ লগতে কয়, “ মই যিমান ওপৰলৈ উঠি আহিব বিচাৰিছিলো, সিমানেই অধিক তললৈ সোমাই গৈছিলো। সেই সময়ত পৃথিবীখন মই এন্ধাৰ যেন দেখিছিলো”। তেওঁ লগতে কয় যে অইনখন নাওত থকা কোনো এজন মানুহে চকা এটা দলিয়াই দিও আমাক উঠি অহাত সহায় নকৰিলে।






    মমী দাসৰ এই শিহৰণকাৰী বৰ্ণনাই ৮ ছেপ্টেম্বৰৰ দুৰ্ঘটনা কিমান ভয়াবহ অছিল তাৰেই আভাস দিয়ে।এতিয়া এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে চৰকাৰে অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰে, আভ্যন্তৰীণ জল পৰিৱহণ বিভাগক কিভাৱে যাত্ৰীৰ প্ৰতি দায়বদ্ধ কৰি তোলে সেয়াহে লক্ষ্যণীয় হ’ব।