• সাহসিকতাৰ পৰিচয়! অপহৰণকাৰীৰ কৱলৰপৰা পলাল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ

    আঞ্চলিক
    সাহসিকতাৰ পৰিচয়! অপহৰণকাৰীৰ কৱলৰপৰা পলাল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ

    হাজোঃ তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড! ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত কলিতাকুছিৰ পৰা অপহৰণ কৰা হৈছিল এটি ১২ বছৰীয়া ছাত্ৰক। হাজো শনিয়াদিৰ ব্যৱসায়ী হজৰত আলীৰ পুত্ৰ গোলাম ৰছুলে আনদিনাৰ দৰে টিউচনলৈ অহাৰ পথত কলিতাকুছি চ’কত এখন বগা ৰঙৰ চাৰিচকীয়া বাহনত চাৰি যুৱকে বলপূৰ্বকভাৱে উঠাই গুৱাহাটী অভিমুখে গতি কৰে।





    তীব্ৰবেগত গতি কৰা বাহনখন কলিতাকুছিৰ পৰা আহি লখাইতৰা নদীৰ মথাউৰিৰে আহি হাজোৰ ‘সুৰেণ দাস মহবিদ্যালয়’ৰ ওচৰৰ এক নিৰ্জন স্থানত গাড়ীখন ৰখোৱাত ছেগ বুজি অপহৰণকাৰীৰ কৱলৰ পৰা পলাবলৈ সক্ষম হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ গোলাম ৰছুল। এটি লুংলুঙীয়া পথেৰে ওলাই আহি ছাত্ৰজনে হাজো-গুৱাহাটী পথৰ ‘আস্থা ক্লিনিক’ত প্ৰৱেশ কৰি নিজৰ প্ৰাণৰক্ষা কৰে।





    শিহৰণকাৰী অপহৰণ কাণ্ডৰ সমগ্ৰ ঘটনা আমাৰ সাংবাদিকৰ সন্মুখত বিৱৰি ক’লে কণমাণি ছাত্ৰগৰাকীয়ে। পাছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। অতি শীঘ্ৰেই দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লগতে হাজোবাসী জনতাই।