• সুৰাৰ মেহফিলত মগ্ন অলিম্পিক এথলীট, অনুসন্ধান অব্যাহত

    আঞ্চলিক
    সুৰাৰ মেহফিলত মগ্ন অলিম্পিক এথলীট, অনুসন্ধান অব্যাহত

    ট’কিঅ’ : ট’কিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা একাংশ খেলুৱৈয়ে সদলবলে সুৰাপান কৰা বাতৰি পোহৰলৈ আহিছে।খেলুৱৈসকলে সুৰাপান কৰাটো আয়োজক মণ্ডলীয়ে স্ব-চক্ষে প্ৰত্যক্ষ কৰিছিল। ক’ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্যৰাখি কেতবোৰ নিৰ্দেশনা জাৰী কৰিছিল অলিম্পিক কমিটীয়ে। প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পূৰ্বে আয়োজকমণ্ডলীয়ে খেলুৱৈসকলক কেৱল কোঠাৰ ভিতৰতে অকলে থকা সময়ত সুৰাপানৰ পৰামৰ্শ দিছিল। কিন্তু এই বিধি উলংঘা কৰা একাংশ খেলুৱৈৰ নেতিবাচক কাণ্ডত হতচকিত আয়োজক। সুৰাপান কৰা ‘গেমছ ভিলেজ’ত ইতিমধ্যে ট’কিঅ’ অলিম্পিকৰ আয়োজকমণ্ডলীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি ট’কিঅ’ ২০২০ৰ মুখ্য কাৰ্যবাহী বিষয়া টশিৰ’ মুট’ই জানিবলৈ দিয়ে।






    উল্লেখ্য যে, শুকুৰবাৰে নিশা ‘গেমছ ভিলেজ’ৰ এখন উদ্যানত সুৰাপান কৰি থকা অৱস্থাত ধৰা পৰিছিল একাংশ খেলুৱৈ।ক’ভিড-১৯ৰ বিধি উলংঘা কৰি সুৰাপান কৰা সকলৰ বিৰুদ্ধে সৰব হৈ পৰিছে আয়োজকমণ্ডলী। মূখ্য কাৰ্যবাহী বিষয়া টশিৰ’ মুট’ই কয়, ‘আমি বিষয়টো পৰ্যবেক্ষণ কৰি আছো। আমি আমাৰ বিধিৰ ওপৰত ভিত্তি কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিম।’ ঘটনাস্থলীত আৰক্ষী উপস্থিত আছিল। তেওঁলোকৰ উপস্থিতিত খেলুৱৈসকলে এই কাণ্ড কিদৰে সংঘটিত কৰিব পাৰিলে তাকে লৈ উদ্বিগ্ন মুট’ । মুটোৱে এই ঘটনাৰ সৈতে জড়িত খেলুৱৈৰ সংখ্যা বা তেওঁলোকৰ পৰিচয়ৰ সৱিশেষ তথ্য এতিয়াও প্ৰকাশ কৰা নাই।