• ১০ কোটি নোপোৱাৰ বাবেই এআইইউডিএফক সাম্প্ৰদায়িক অভিহিত অখিলৰ !

    আঞ্চলিক
    ১০ কোটি নোপোৱাৰ বাবেই এআইইউডিএফক সাম্প্ৰদায়িক অভিহিত অখিলৰ !

    গুৱাহাটীঃ মহাজোঁট গঠনৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে অখিল গগৈৰ লগত কেইবাবাৰো আলোচনাত মিলিত হোৱা বুলি বিধায়ক আমিনুল ইছলাম(জ্যেষ্ঠ)-এ সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়াইছে। সেই সময়ত অখিল গগৈয়ে বিধায়কগৰাকীক কৈছিল যে, দল গঠনৰ বাবে ১০ কোটি টকাৰ প্ৰয়োজন হৈছিল তেওঁৰ। সংগঠনৰ আৰ্থিক অভাৱৰ কথা কৈছিল।





    অখিল গগৈয়ে মহাজোঁটত চামিল হোৱাৰ আশ্বাস দিছিল বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ইছলামে। সেই সময়ত এআইইউডিএফক সাম্প্ৰদায়িক বুলি কেতিয়াও কোৱা নাছিল অখিলে। জিএমচিএইচৰ কেবিনত থকাৰ সময়ত এআইইউডিএফৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছিল। পেয়িং কেবিনত থাকোতে বিজেপিৰেও বৈঠক হৈছিল অখিল গগৈৰ বুলি অভিযোগ উত্থাপন কৰিছে এআইইউডিএফৰ বিধায়কগৰাকীয়ে। তাৰ পাছত তেওঁ সলনি হৈ গ’ল বুলিও ব্যক্ত কৰিছে তেওঁ।





    তেওঁ মহাজোঁটক ক্ষতি কৰাৰ বিৰুদ্ধে দুই ধৰণে বিজেপিক লাভান্বিত কৰিছিল বুলিও উল্লেখ কৰে ইছলামে। অখিল গগৈয়ে দাবী কৰা নাছিল, ৰাজনৈতিক দল গঠনৰ নামত তেওঁ ১০ কোটি বিচাৰিছিল। টকা নিদিয়াৰ বাবেই এআইইউডিএফক অখিলে সাম্প্ৰদায়িক বুলি অভিহিত কৰিছে বুলি সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়াইছিল। মহাজোঁটক আউল নলগাবলৈ অখিলক আহ্বান জনাইছে বিধায়কগৰাকীয়ে। এআইইউডিএফক বাদ দি মহাজোঁটৰ সফলতা সম্ভৱ নহয়।