• ৰাজ্যত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্তৰ হাৰ : বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু ২৫ জনৰ

    আঞ্চলিক
    ৰাজ্যত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্তৰ হাৰ : বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু ২৫ জনৰ

    গুৱাহাটী : ৰাজ্যত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্তৰ হাৰ৷ কালিৰ দিনটোত আক্ৰান্ত হয় ১,৫৪৭ জন লোক৷ বুধবাৰে আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হয় ২৫ জন লোকৰ৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৯৩ জন লোক৷ গোলাঘাটত ১৪৭, ডিব্ৰুগড়ত ১৩৯ জন আক্ৰান্ত হয়৷ যোৰহাটত ১১৫জন, লখিমপুৰত ১০২ জন, নগাঁৱত ১০৮জন, শোণিতপুৰত ৯১ জন আক্ৰান্ত হয়৷





    কালিৰ দিনটোত আৰোগ্য লাভ কৰে ২,৪২৬জনে৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ১৫,৩৪৬জন লোক৷ ৰাজ্যত বাতৰি লিখা পৰলৈ ক'ভিড টেষ্ট কৰে ১,৭৩,৪৯,২২০ জনে৷





    তাৰভিতৰত মুঠ ৫,৫২,৪২৫জন কৰ'না পজিটিভ বুলি ধৰা পৰে৷ বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে ৫,৩০,৬৭৮জনে৷ আৰু মৃত্যুৰ মুখত পৰিছে ৫,০৫৪জন৷