ডিজিটেল ডেস্কঃ অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। সেই ক্ৰিকেট প্ৰতিযোগিতাত খেলিব বিশ্বৰ আঠটা শ্ৰেষ্ঠ দলে। আয়োজন কৰাৰ বাবে ডাঙৰ টকা ঘোষণা কৰিলে আইচিচিয়ে। অৱশ্যে ভাৰতে সেই প্ৰতিযোগিতাত খেলিবলৈ পাকিস্তানলৈ যাত্ৰা কৰিব নে নকৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
আবণ্টিত ধনৰ পৰিমাণে পাকিস্তান ক্ৰিকেটৰ বহুখিনি উন্নতি সাধন কৰিব। এক সূত্ৰৰ মতে, আইচিচিয়ে পাকিস্তান ব’ৰ্ডক ১২৮০ কোটি টকা দিছে। পাকিস্তান ব’ৰ্ডৰ মুখ্য বিত্ত বিষয়া জাভেদ মুৰ্তাজা আৰু আইচিচিৰ মুখ্য বিত্ত বিষয়া অংকুৰ খান্নাই যৌথভাৱে এই ধনৰ পৰিমাণ নিৰ্ণয় কৰে। এই ধন চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’বলগীয়া তিনিটা স্থান – কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ব্যয় কৰা হ’ব।
শুনা গৈছে যে যোৱা বছৰৰ দৰে এছিয়া কাপ ‘হাইব্ৰিড মডেল’ত অনুষ্ঠিত হ’ব পাৰে। অৰ্থাৎ ভাৰতৰ মেচ আন দেশত খেলিব পাৰিব। অৱশ্যে সেই সিদ্ধান্তৰ পক্ষত নহয় পাক ব’ৰ্ড। তেওঁলোকে বিচাৰে ভাৰতে সেই দেশত গৈ খেলা।
দুয়োখন দেশৰ ক্ৰিকেট বিষয়াৰ মাজত মুখামুখি আলোচনাত সমস্যাৰ সমাধান পোৱা যায়। শেহতীয়াকৈ শ্ৰীলংকাৰ ৰাজধানীত সেই সুযোগৰ সৃষ্টি হৈছিল। আই চি চিৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল দুয়োখন দেশৰ নেতাসকল। আইচিচিৰ এজন বিষয়াই কয়, “চেম্পিয়নছ ট্ৰফী কেনেকুৱা হ’ব, সেয়া এজেণ্ডাত নাছিল।” গতিকে এই সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল।
Leave A Comment