ডিজিটেল ডেস্ক: ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে ইতিমধ্যে পেটিএম
অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ট্যুৰৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ ভাৰতৰ আন্তৰাষ্ট্ৰীয় গৃহ ছিজন ২০২২-২৩ তিনিখন T20I খেলৰ জৰিয়তে আৰম্ভ হ’ব।
এই খেলখন ছেপ্তেম্বৰ মাহত অষ্ট্ৰিয়াৰ বিপক্ষে হ’ব আৰু অ’ ডি আই ছিৰিজৰ খেল সমূহ দক্ষিণ আফ্ৰিকাৰ বিপক্ষে হ’ব৷
অষ্ট্ৰেলিয়াৰ বিপক্ষে হ’ব লগীয়া প্ৰথমখন T20 ম’হালিত অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ সম্পাদক জয় শ্বাহে জানিবলৈ দিয়ে৷
আনহাতে, দ্বিতীয়খন T20 খেলখন ২০২০ চনৰ ২অক্টোবৰ তাৰিখে আৰম্ভ হ’ব৷ গান্ধী জয়ন্তীৰ দিনটোত মহাত্মা গান্ধীৰ প্ৰতি সন্মান জনাই খেলখন আৰম্ভ কৰা হ’ব ৷ উল্লেখযোগ্য যে এই খেলখন গুৱাহাটীত অনুষ্ঠিত হ’ব৷
অৱশ্যে গুৱাহাটীত হ’বলগীয়া খেলখন ১ অক্টোবৰতেই অনুষ্ঠিত হ’ব বুলিও শুনা গৈছিল৷
আনফালে দ্বিতীয় আৰু তৃতীয়খন অ’ ডি আই ক্ৰিকেট ৰাঁচি আৰু দিল্লীত অনুষ্ঠিত।
Leave A Comment