ডিজিটেল ডেস্কঃ ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিলে অসমৰ নয়নমণি শইকীয়াই। বাৰ্মিংহাম কমনৱেলথ গেমছত লনবলত ভাৰতে দখল কৰিলে স্বৰ্ণপদক। উল্লেখযোগ্য যে, মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি লাভ কৰিছে সফলতা। এই সফলতা লাভ কৰা ভাৰতীয় মহিলা দলটোৰ আন কেইগৰাকী খেলুৱৈ লাভলী চৌবে, পিংকী আৰু ৰূপা ৰাণী তিৰ্কী।
নয়নমণি শইকীয়া অসমৰ গোলাঘাট জিলাৰ টেঙাবাৰীৰ জীয়ৰী। কমনৱেলথ গেমছত পদক বিজয়ী প্ৰথম অসমীয়া মহিলা নয়নমণি শইকীয়া। ৩৪ বছৰীয়া নয়নমণি বিবাহপাশত আবদ্ধ হৈছিল ২০১৩ চনত। দুগৰাকী কন্যা সন্তানৰ মাতৃ নয়নমণি শইকীয়া বন বিভাগত কৰ্মৰত এগৰাকী চৰকাৰী বিষয়া। প্ৰথমে এগৰাকী ভাৰোত্তোলন খেলুৱৈ আছিল নয়নমণি। ২০০৮ চনত এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ ভাৰোত্তোলনৰ পৰা আঁতৰি লনবলত মনোনিৱেশ কৰে খেলুৱৈগৰাকীয়ে। লকডাউনৰ সময়ত প্ৰশিক্ষক অবিহনেই খেলৰ অনুশীলন কৰিছিল নয়নমণিয়ে। লগত আছিল সাহস হিচাপে স্বামী ভাস্কৰজ্যোতি গোহাঁই আৰু তেওঁৰ শাহু। মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা নয়নমণিৰ দেউতাক এজন খেতিয়ক আৰু মাক এগৰাকী গৃহিণী। দৃঢ় মনোবল আৰু আত্মবিশ্বাসেৰে জীৱনৰ সকলো সংঘৰ্ষ পাৰ কৰি নয়নমণিয়ে জয় কৰিবলৈ সক্ষম হ’ল সোণৰ পদক। পৰিয়ালৰ দ্বায়িত্বৰ সমসাময়িকভাৱে নিজৰ অনুশীলন চলাই গৈছিল খেলুৱৈগৰাকীয়ে। কমনৱেলথ গেমছত স্বৰ্ণজয়ৰে বন বিভাগৰ সহকাৰী কমাণ্ডেণ্ট পদলৈ পদোন্নতি লাভ কৰিলে নয়নমণিয়ে। অসমৰ এখন সৰু গাঁৱৰ পৰা বাৰ্মিংহামত পদক জয় কৰা নয়নমণি শইকীয়া আজি হৈ পৰিছে প্ৰত্যোকগৰাকী অসমীয়া নাৰীৰ পথ পদৰ্শক।
Leave A Comment