ডিজিটেল ডেস্কঃ ঘূৰ্ণীবতাহ বেৰিলৰ বাবে বাৰ্বাডোছত আবদ্ধ হৈ পৰিছিল ভাৰতীয় দলটো। বুধবাৰে দেশ অভিমুখে ৰাওনা হৈছে। ইয়াৰ পূৰ্বে বিৰাট কোহলিয়ে হোটেলৰ বেলকনিৰ পৰা ভিডিঅ’ কল কৰা দেখা গৈছিল। অনুষ্কা শৰ্মাক তেওঁ বাৰ্বাডোছৰ পৰিস্থিতি দেখুৱাইছিল বুলি অনুমান কৰা হৈছে।
শনিবাৰে ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত জয়লাভ কৰে। তেতিয়াৰ পৰাই দলটো বাৰ্বাডোছত আবদ্ধ হৈ পৰিছে। বেৰিলৰ ঘূৰ্ণীবতাহ। প্ৰভাৱ পৰিছে ব্ৰীজটাউনত। হয়তো বিৰাটে ধুমুহাৰ ভিডিঅ’ কলত পত্নীক দেখুৱাইছে। এনে এটা দৃশ্য দৃষ্টিগোচৰ হ’ল। হোটেলৰ বেলকনিত তেওঁৰ ফোনটো লৈ বিৰাটক দেখা যায়। কাৰোবাৰ লগত ভিডিঅ’ কল কৰি ঘূৰি ফুৰিছে। অনুষ্কাৰ লগত যেন কথা পাতি আছিল।
মঙলবাৰে খবৰ আহিছিল যে বুধবাৰে পুৱা (ভাৰত সময় অনুসৰি) ভাৰতৰ দলটোৱে দেশলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে। কিন্তু সেয়া সম্ভৱ হোৱা নাছিল। মঙলবাৰে এগৰাকী সাংবাদিকে কয়, ‘ভাল খবৰ। বাৰ্বাডোছৰ পৰা যাত্ৰা কৰিব ভাৰতীয় দলটো। বিচিচিআইয়ে বিশেষ বিমানৰ ব্যৱস্থা কৰিছে। মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত বিমানখন যাত্ৰা কৰিব।” কিন্তু নহ’ল। জানিব পৰা মতে ৰোহিত শৰ্মা কেইঘণ্টামান পলমকৈ গুচি যায়।
Leave A Comment