• ৱেষ্ট ইণ্ডিজ পাবলৈ ভাৰতীয় বিমানৰ খৰচ ৩.৫ কোটি! কিন্তু কিয়?

    ক্ৰীড়া
    ৱেষ্ট ইণ্ডিজ পাবলৈ ভাৰতীয় বিমানৰ খৰচ ৩.৫ কোটি! কিন্তু কিয়?
    ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হোৱাইট বল ক্ৰিকেট খেলিবলৈ কেৰিবিয়ান দ্বীপপুঞ্জলৈ ৰাওনা হৈছে শিখৰ ধাৱনৰ টীম ইণ্ডিয়া। ব্ৰিটিছ ভূমিত সফল ভ্ৰমণৰ সামৰণিৰ পিছত ধাৱান এণ্ড কোম্পানী উপস্থিত হয় ট্ৰিনিদাদত। এদিনীয়া শৃংখলাত বিশ্ৰাম লৈছে ৰোহিত শৰ্মাই। সেইবাবে তেওঁৰ পৰিবৰ্তে অধিনায়কত্বৰ দায়িত্ব অৰ্পন কৰা হৈছে ধাৱানক।
     
    জানিব পৰা মতে BCCI য়ে ইংলেণ্ডৰ পৰা ৱেষ্ট ইণ্ডিজলৈ যাবলৈ ৩.৫ কোটি টকা খৰচ কৰিছে।

    এতিয়া প্ৰশ্ন উঠিছে, বিচিচিআইয়ে কিয় বিমানৰ বাবে এই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছে? প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, ‘বিচিচিআইয়ে ৩.৫ কোটি টকাত এখন চাৰ্টাৰ্ড ফ্লাইট বুক কৰিছিল। যোৱা মঙলবাৰে বিয়লি টিম ইণ্ডিয়া মানচেষ্টাৰৰ পৰা প'ৰ্ট অৱ স্পেইনত উপস্থিত হৈছিল। চাৰ্টাৰ্ড বিমানখন যদিও ক’ভিডৰ বাবে বুকিং কৰা হোৱা নাছিল। আচলতে, বাণিজ্যিক বিমানত ১৬ জনীয়া সদস্যৰ ভাৰতীয় দল, সহায়ক কৰ্মচাৰী আৰু খেলুৱৈৰ পত্নীসকলৰ বাবে টিকট বুক কৰাটো সমস্যাজনক আছিল। বাণিজি্যক বিমান বুক কৰা হ’লে এই খৰচ হ’লহেতেন প্ৰায় ২ কোটি। চাৰ্টাৰ্ড বিমানৰ খৰচ বহুত বেছি। কিন্তু এই বিষয়টো এতিয়া যুক্তিসংগত হিচাপে বিবেচিত হৈছে। শীৰ্ষ স্তৰৰ ফুটবল দলসমূহেও এতিয়া চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰে।’

    শুকুৰবাৰৰ পৰা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। নিক’লাছ পুৰ’নৰ বিৰুদ্ধে খেলিব  ধাৱনৰ ভাৰতে।