• ৰাজহুৱা স্থানলৈ নাযাব, বাৰ্মিংহামলৈ যোৱা ভাৰতীয় খেলুৱৈক সতৰ্ক কৰি দিলে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে, কিন্তু কিয় এই সতৰ্কবাণী?

    ক্ৰীড়া
    ৰাজহুৱা স্থানলৈ নাযাব, বাৰ্মিংহামলৈ যোৱা ভাৰতীয় খেলুৱৈক সতৰ্ক কৰি দিলে  ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে, কিন্তু কিয় এই সতৰ্কবাণী?
    ডিজিটেল ডেস্কঃইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে (আইঅ'এ) ভাৰতীয় খেলুৱৈসকলক সাদায়  সতৰ্ক হৈ থাকিবলৈ আৰু বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ সময়ত যিমান সম্ভৱ ৰাজহুৱা স্থান পৰিহাৰ কৰিবলৈ সাৱধান কৰি দিছে। আই.ও.এ.-য়ে কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় খেলুৱৈসকলক  এনেদৰে সাৱধানবাণী শুনাইছে।

    উল্লেখ্য বাৰ্মিংহামত ২৮  জুলাইৰ পৰা  কমনৱেলথ গেমছ আৰম্ভ হ'ব। ইতিমধ্যে বাৰ্মিংহামত বহু লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ভাৰতীয় খেলুৱৈসকলক কোভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবেই ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে  ভাৰতীয় দলটোক আগতীয়াকৈ সতৰ্ক কৰি দিছে। 

     ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে এক বিবৃতিত কৈছে " ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত ভাৰতীয় দলৰ খেলুৱৈসকলক কোভিড-১৯ৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা স্থানত বেছি সময় ব্যয় নকৰিবলৈ অনুৰোধ জনাইছে, যি স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতি আনিব পাৰে।" 

    খেলুৱৈসকলক আনৰ সৈতে বাৰ্তালাপ যিমান পাৰি কমকৈ কৰিবলৈও কোৱা হৈছে।খেলৰ  আয়োজক সমিতিয়ে প্ৰতিজন খেলুৱৈয়ে কৰোনাভাইৰাছৰ বাবে আৰটি-পিচিআৰ পৰীক্ষা কৰাব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে।এই পৰীক্ষা বাৰ্মিংহামত  অৱতৰণ কৰাৰ ৭২  ঘণ্টাৰ আগতে কৰোৱাব লাগিব। 

    আই.ও.এ.-য়ে কমনৱেলথ গেমছৰ বাবে ভাৰতৰ পৰা  ৩২২  জনক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোকৰ  ভিতৰত আছে  ১০৭ গৰাকী  বিষয়া আৰু সহায়ক কৰ্মচাৰী  আৰু ২১৫ গৰাকী খেলুৱৈ।

     ২০১৮ চনত  ভাৰতে কমনৱেলথ গেমছত ৬৬  টা পদক  লাভ কৰিছিল (২৫  টা সোণ, ১৯ টা ৰূপ আৰু ২০ টা ব্ৰঞ্জ)। এইবাৰ পদকৰ তালিকা খন আৰু দীঘলীয়া কৰাৰ আশা মনতে পুহি ৰাখিছে ভাৰতীয় খেলুৱৈসকলে।