• কোপা আমেৰিকাঃ পুনৰ এবাৰ বিপক্ষৰ ফুটবলাৰক কামোৰ মৰাৰ বিতৰ্কত উৰুগুৱেৰ তাৰকা লুই চুৱাৰেজ

    ক্ৰীড়া
    কোপা আমেৰিকাঃ পুনৰ এবাৰ বিপক্ষৰ ফুটবলাৰক কামোৰ মৰাৰ বিতৰ্কত উৰুগুৱেৰ তাৰকা লুই চুৱাৰেজ
    ডিজিটেস ডেস্কঃ ২০১৪ চনৰ বিশ্বকাপত ইটালীৰ জৰ্জিঅ’ চিয়েলিনিক খেলপথাৰতে কান্ধত কামোৰ মাৰি দিছিল উৰুগুৱেৰ লুই ছুৱেৰেজে। এইবাৰ কোপা আমেৰিকাতো বৃহস্পতিবাৰে কলম্বিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ছুৱেৰেজে বিপক্ষ ফুটবলাৰ এজনৰ ডিঙিৰ ফালে মুখখন আগুৱাই নিয়ে। সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছুৱেৰেজে কামুৰিব ওলাইছিল নেকি?

    বৃহস্পতিবাৰে কলম্বিয়াৰ বিৰুদ্ধে কোপা আমেৰিকাৰ ছেমি ফাইনেলত পৰাস্ত হয় উৰুগুৱে। খেলৰ পাছত ফুটবলাৰসকলে ইজনে সিজনৰ লগত হাত মিলাই আছিল। সেই সময়ত ছুৱেৰেজে কলম্বিয়াৰ এজন ফুটবলাৰৰ ডিঙিৰ ওচৰত মুখখন ৰাখিছিল। তেওঁ কিবা ক’বলৈ নে কামোৰিব গৈছিল, বুজা হোৱা নাই। কিন্তু ছুৱেৰেজৰ এই কাণ্ডই ১০ বছৰৰ আগৰ স্মৃতিবোৰ ঘূৰাই আনে।

    বিপক্ষৰ ফুটবলাৰক এবাৰতকৈ অধিক কামোৰ মাৰিছে ছুৱেৰেজে। ২০১০ চনত আজাক্সৰ হৈ খেলি থাকোঁতে তেওঁ অটমান বাক্কালক কামুৰিছিল। ৭খন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ২০১৩ চনত লিভাৰপুলৰ হৈ খেলি থকাৰ সময়তে ছুৱেৰেজে ব্ৰানিস্লাভ ইভানোভিচক কামুৰিছিল। ইয়াৰ পিছত ছুয়াৰেজক ১০খন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হয়।

    ২৩ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়া। উৰুগুৱেৰ বিৰুদ্ধে দ্বিতীয়াৰ্ধত ১০ জন খেলুৱৈৰ সৈতে খেলিছিল। প্ৰথমাৰ্ধৰ শেষৰ ফালে ডেনিয়েল মুনোজে ৰঙা কাৰ্ড দেখা পায়। অৱশ্যে ৩৯ মিনিটত জেফাৰচন লেৰ্মাই এটা গ’ল দি দলটোক নেতৃত্ব দিয়ে। সেই গ’লটোৰে কলম্বিয়াই মেচখনত জয়লাভ কৰে। ছুৱেৰেজে গোটেই মেচখন খেলা নাছিল। ৬৬ মিনিটত তেওঁক টেক অফ কৰা হয়। কিন্তু গ’ল দিব নোৱাৰিলে৷