ডিজিটেল ডেস্কঃ বুধবাৰে ইউৰো কাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে নেদাৰলেণ্ডে খেলিব। এই গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে ডাচ ফুটবলাৰসকলে শান্ত আৰু মানসিক চাপমুক্ত হ’ব বিচাৰে। সেই উদ্দেশ্যে ক’ডি গাকপোৱে দলৰ হোটেলত নিজৰ সতীৰ্থসকলৰ বাবে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে।
নেদাৰলেণ্ডৰ ষ্ট্ৰাইকাৰগৰাকীয়ে যোৱা ছিজনৰ পৰা ইংৰাজী প্ৰিমিয়াৰ লীগ ক্লাব লিভাৰপুলত খেলি আহিছে। ইংলেণ্ড জাতীয় দলৰ বহু ফুটবলাৰৰ সৈতে তেওঁৰ বন্ধুত্ব। তেওঁলোকৰ শক্তি আৰু দুৰ্বলতা জানে। গাকপোৱে সেই সকলো তথ্য প্ৰশিক্ষক ৰ’নাল্ড ক’মেন আৰু সতীৰ্থসকলক প্ৰদান কৰিছে। গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে সকলো দলক মানসিকভাৱে সতেজ কৰি ৰাখিবলৈ তেওঁ বিশেষ উদ্যোগ লৈছিল। হোটেলতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে।
নেদাৰলেণ্ডৰ এজন সহায়ক কৰ্মচাৰীয়ে কয় - ''এইবাৰৰ দলটো বৰ ভাল। সংহতিও বৰ ভাল। সকলোৱে সকলোৰে বাবে চিন্তা কৰে। কোনো বিতৰ্ক নাই। ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল। কঠিন মেচ। এনে মেচৰ আগত মানসিক প্ৰস্তুতিও প্ৰয়োজন। গাকপোৰ এই পদক্ষেপ অতি ভাল। গ্ৰুপ ষ্টেজৰ ভূমিকা মনত পেলাব নিবিচাৰে। কেৱল নকআউট মঞ্চৰ প্ৰদৰ্শনৰ বিষয়েহে আলোচনা কৰা হৈছে।’’
২০০৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে ইউৰো কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে নেদাৰলেণ্ডে। দুয়োখন নক আউট মেচতে ৯০ মিনিটৰ ভিতৰতে নেদাৰলেণ্ডে জয়লাভ কৰে। আনহাতে ইংলেণ্ডে দুয়োখন মেচতে ৯০ মিনিটৰ ভিতৰত জয়ী হ’ব নোৱাৰিলে। ইংলেণ্ডৰ বিৰুদ্ধেও আক্ৰমণাত্মক ফুটবলৰ পৰিকল্পনা কৰিছে কোমানে। ফুটবলৰ প্রস্তুতিৰ সমান্তৰালকৈ নেদাৰলেণ্ডৰ ফুটবলাৰসকলেও মানসিক প্রস্তুতিও লৈছে৷ নেদাৰলেণ্ডৰ শিবিৰটোৱে আশাবাদী যে গাপকোৰ এই পদক্ষেপে কাম কৰিব।
Leave A Comment