ডিজিটেল ডেস্ক: মানুহজনৰ নাম জৰ্জ মিলাৰ। বয়স ৭৫ বছৰ ৮ মাহ। পেছাত এগৰাকী লনবল খেলুৱৈ। যি বয়সত প্ৰায় অধিকাংশ লোকেই আশ্ৰয় লয় জিৰণিৰ, সেই বয়সত মিলাৰে ডিঙিত আঁৰিছে কমনৱেলথ স্বৰ্ণ। কোৱা হয়, ‘বয়স মাথো এক সংখ্যা’। এই কথাষাৰকে যেন পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে জৰ্জ মিলাৰে। দৃঢ় মনোবল আৰু একাগ্ৰতাৰে বয়সৰ জটিলতাক অতিক্ৰম কৰি জৰ্জ মিলাৰে শুকুৰবাৰে চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত অৰ্জন কৰিছে স্বৰ্ণ পদক।
স্কটলেণ্ডৰ এই দৃঢ়মনা জৰ্জ মিলাৰে বাৰ্মিংহামত লনবলৰ মিক্সড পেয়াৰ শাখাত স্বৰ্ণ দখল কৰি কমনৱেলথ গেমছৰ ইতিহাসত সন্নিৱিষ্ট কৰিছে নিজৰ নাম। কেৱল এগৰাকী পদক বিজয়ী হিচাপেই নহয়, পদক জয় কৰা আটাইতকৈ বয়ষ্ক খেলুৱৈ হিচাপেও কমনৱেলথ ইতিহাসত নৱ অভিলেখ ৰচনা কৰিছে মিলাৰে।
জৰ্জ মিলাৰৰ লগতে ছাৰাহ জেন, মেলানিয়া ইননেছ আৰু ৰবাৰ্ট বাৰেৰে গঠিত স্কটলেণ্ডৰ দলটোৱে শুকুৰবাৰে ভিক্টোৰিয়া পাৰ্কত অনুষ্ঠিত হোৱা B2/B3 মিক্সড পেয়াৰ শাখাত ৱেলছক ১৬-৯ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।
স্বৰ্ণ জয়ৰ পিছতে ভাবুক হৈ পৰা মিলাৰে কয় যে এবছৰ পূৰ্বে তেওঁ বাৰ্মিংহামৰ কমনৱেলথ গেমছৰ যে এক অংশ হ’ব, সেয়া কল্পনাও কৰা নাছিল। তেওঁ যেতিয়া কমনৱেলথ গেমছৰ বাবে স্কটলেণ্ড দলত অন্তৰ্ভুক্ত হৈছে বুলি ফোনযোগে জানিব পাৰিছিল, কাষতে থকা চকীত বহি পৰিছিল বুলিও মন্তব্য কৰে।
কমনৱেলথ গেমছৰ ইতিহাসত আটাইতকৈ বয়ষ্ক পদক বিজয়ী হিচাপে পৰিগণিত হোৱাৰ পিছত আনন্দিত হৈ পৰা মিলাৰে লগতে সকলো বয়সৰ লোকক ক্ৰীড়াৰ সৈতে জড়িত হ’বলৈ উৎসাহিত কৰে।
বয়োজেষ্ঠ লোকসকলক যিকোনো ক্ৰীড়াতে ভাগ ল’বলৈ উৎসাহ যোগাই এক বাৰ্তাত তেওঁ কয়, "বয়সস্থ লোকসকলৰ বাবে লনবল যথেষ্ট সহজ। কিন্তু যিকোনো খেল যেনে- খোজ কঢ়া, ফুটবল, ৰাগবী বা আন কোনো খেলেই হওক, আপোনালোকে খেলিবলৈ চেষ্টা কৰক, ব্যায়াম কৰক। যিকোনো বয়সতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ কথা।"
উল্লেখ্য যে জৰ্জ মিলাৰে নতুনকৈ কমনৱেলথৰ আটাইতকৈ বয়ষ্ক পদকধাৰী হিচাপে অভিলেখ স্থাপন কৰাৰ পূৰ্বে এই বিৰল অভিলেখ আছিল স্কটলেণ্ডৰে ৰোজমেৰী লেণ্টনৰ নামত। চলিত বাৰ্মিংহাম কমনৱেলথ গেমছতে যোৱা দুদিন পূৰ্বে লেণ্টনে ৭২ বছৰ বয়সত লনবলত মহিলাৰ যুটীয়া শাখাত (পেৰা) স্বৰ্ণ পদক জয় কৰিছিল। সতীৰ্থ খেলুৱৈগৰাকীৰে অভিলেখ ভংগ কৰাৰ পিছত মিলাৰে এই নতুন অভিলেখত ৰোজমেৰী যথেষ্ট সন্তুষ্ট হ’ব বুলি মন্তব্য কৰে।
Leave A Comment