• বিশ্বৰ বয়োজ্যেষ্ঠ জিমনাষ্টগৰাকীৰ বিষয়ে জানেনে? ৯৬বছৰ বয়সতো অপ্ৰতিৰোধ্য তেওঁ

    ক্ৰীড়া
    বিশ্বৰ বয়োজ্যেষ্ঠ জিমনাষ্টগৰাকীৰ বিষয়ে জানেনে? ৯৬বছৰ বয়সতো অপ্ৰতিৰোধ্য তেওঁ
    ডিজিটেল ডেস্কঃ বয়স সঁচাকৈয়ে তেওঁলোকৰ বাবে এটা সংখ্যা। বয়সক গুৰুত্ব নিদি জীয়াই থকাৰ সাধনাই তেওঁলোকক উজ্জীৱিত কৰি ৰাখে প্ৰতিপল। তেওঁলোকৰ জীৱন যাত্ৰাৰ যেন আৰম্ভণিহে আছে, শেষ নাই। জাৰ্মানীৰ এগৰাকী বৃদ্ধাই এতিয়া হতবাক কৰি তুলিছে সকলোকে। 

    বৃদ্ধাগৰাকীৰ নাম জোহান্না কুয়াছ (Johanna Quaas)। এতিয়াও এগৰাকী দুৰন্ত তৰুণী তেওঁ। বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ তেওঁ। ৱৰ্ল্ড অ’ল্ডেষ্ট জিমনাষ্ট (world's oldest gymnast)। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডতো সন্নিৱিষ্ট হৈছে তেওঁৰ নাম। চন ২০১২। তেতিয়া তেওঁৰ বয়স আছিল ৮৬ বছৰ।

    কিন্তু সেই স্বীকৃতিয়ে তেওঁক ৰুধিব পৰা নাই। বৰঞ্চ দিছে  নতুনৰ শান। বয়সক অজুহাত দিচাপে নলৈ প্ৰতিদিনে জী উঠিছে তেওঁ। সময়ে সময়ে তেওঁ কৰি গৈছে ভালপোৱা কামবোৰ। এতিয়াও অপেছাদাৰী প্ৰতিযোগিতাত নৱ প্ৰজন্মৰ প্ৰতি নতুন প্ৰত্যাহ্বান হৈ থিয় দিছে তেওঁ। বিগত কিছুঘণ্টা পূৰ্বে তেওঁৰ জিমনাষ্টৰ এটা পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। বৃদ্ধাগৰাকীৰ ফিটনেছ দেখি স্বাভাৱিকতে আপ্লুত হৈ পৰিছে সকলোৱে। কনিষ্ঠ বহু খেলুৱৈক আজিও প্ৰত্যাহ্বান জনাব পাৰে তেওঁ। স্বাভাৱিকতে, দেশৰ নৱাগত বহু খেলুৱৈৰ বাবে প্ৰেৰণাৰ অমল উত্‍স তেওঁ।