• কমনৱেলথ গেমছত ভাৰতৰ দ্বিতীয়টো সোণৰ পদক; নতুন সম্ভাৱনা হৈ উজলিছে আইজলৰ জেৰেমী

    ক্ৰীড়া
    কমনৱেলথ গেমছত ভাৰতৰ দ্বিতীয়টো সোণৰ পদক; নতুন সম্ভাৱনা হৈ উজলিছে আইজলৰ জেৰেমী
    ডিজিটেল ডেস্ক: চলিত কমনৱেলথ গেমছত ভাৰতৰ হৈ দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে জেৰেমী লালৰিনুংগাই৷ ভাৰোত্তোলন প্ৰতিযোগিতাত পুৰুষৰ ৬৭ কিলোগ্ৰাম ফাইনেলত স্বৰ্ণ জয় কৰিছে জেৰেমীয়ে৷ 

    লিফ্টাৰ মীৰাবাঈ চানুৱে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰি শনিবাৰে সোণৰ পদক অৰ্জন কৰাৰ পিছত এইটো ভাৰতৰ অভিযানৰ দ্বিতীয়টো সোণৰ পদক৷ জেৰেমীয়ে ১৪০ কিলোগ্ৰাম উত্তোলন কৰি স্নেচ ইভেণ্টত এটা নতুন কমনৱেলথ গেমছ ৰেকৰ্ড সৃষ্টি কৰে৷ 

    তেওঁ ক্লিন এণ্ড জাৰ্ক শাখাত মুঠ ১৬০ কিলোগ্ৰাম উত্তোলন কৰি মুঠ ৩০০ কিলোগ্ৰামৰ সৈতে শেষ কৰে, যিটোও এক নতুন কমনৱেলথ ৰেকৰ্ড।

    মিজোৰামৰ আইজলৰ ১৯ বছৰীয়া যুৱকজনে ২০১৮ চনৰ যুৱ অলিম্পিক গেমছত ৬২ কিলোগ্ৰাম ইভেণ্টত স্বৰ্ণ জয় কৰিছিল আৰু বিগত বৰ্ষত কমনৱেলথ চেম্পিয়নশ্বিপত ৬৭ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল।

    শনিবাৰে মীৰাবাঈ চানু (সোণ), সংকেত চাৰ্গাৰ (ৰূপ), বিন্দ্যাৰাণী দেৱী (ৰূপ) আৰু গুৰুৰাজ পূজাৰীয়ে (ব্ৰঞ্জ) অৰ্জন কৰা পোডিয়াম সমাপ্তিৰ সৈতে ভাৰোত্তোলন ক্ষেত্ৰৰ পৰা এইটো ভাৰতৰ পঞ্চম পদক আছিল। 
    ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ লালনেইহটলুৱাংগাৰ পুত্ৰ লালৰিননুংগায়ো এই সফলতাত এতিয়া দেশত আনন্দৰ জোৱাৰ উঠিছে৷