• দুঃসংবাদ! কৰ’নাত আক্ৰান্ত কে এল ৰাহুল

    ক্ৰীড়া
    দুঃসংবাদ! কৰ’নাত আক্ৰান্ত কে এল ৰাহুল
    ডি‌জিটেল ডেস্কঃ  ভাৰতীয় দলৰ তাৰকা বেটছমেন লোকেশ ৰাহুল কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই বিষয়ে ঘোষণা কৰিছে। ভাৰতৰ সোঁহতীয়া বিধ্বংসী  বেটছমেনজন ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে সকলোকে। মন কৰিবলগীয়া যে, জাৰ্মানীত অস্ত্ৰোপচাৰ কৰাৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল ৰাহুল। ইয়াৰ পূৰ্বেও কৰ’নাত আক্ৰান্ত হৈছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকী।

    বৃহস্পতিবাৰে অনুষ্ঠিত হয় এপেক্স কাউন্সিলৰ বৈঠক। সেই বৈঠকৰ শেষত সৌৰভে কে এল ৰাহুলৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে। বাংগালুৰুত ক’ভিডত আক্ৰান্ত হৈছিল ৰাহুল। জাৰ্মানীত সফল অস্ত্ৰোপচাৰৰ পিছত পুনৰ স্বাভাৱিক অৱস্থালৈ আহিছিল কে এল ৰাহুল। বাংগালুৰু নেচনেল ক্ৰিকেট একাডেমীত তেওঁৰ ৰিহাব আৰু প্ৰশিক্ষণ চলি আছিল। কিন্তু ইয়াৰ মাজতে হঠাৎ কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ বাবে বন্ধ হৈ গ’ল সমগ্ৰ প্ৰক্ৰিয়াটো।

    স্মৰ্তব্য যে,  ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দলত কে এল ৰাহুলক নিযুক্তি দিছে। অৱশ্যে, ঘোষিত দলটোত বিচিচিআইৰ জ্যেষ্ঠ নিৰ্বাচকসকলে উল্লেখ কৰিছে যে, ৰাহুলৰ খেলিব নে নাই সেয়া  তেওঁৰ ফিটনেছৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব। অৱশ্যে, কৰ’নাৰ বাবে কে এল ৰাহুলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ এতিয়া প্ৰায় বিপন্ন হৈ পৰিছে। ক্ৰিকেটাৰগৰাকী অতি সোনকালে আৰোগ্য হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছে ক্ৰীড়ানুৰাগীয়ে।