• ঈশ্বৰৰ শৰণাপন্ন কোহলী! অনুষ্কাৰ সৈতে কীৰ্তন শুনিছে ৰান মেছিনে

    ক্ৰীড়া
    ঈশ্বৰৰ শৰণাপন্ন কোহলী! অনুষ্কাৰ সৈতে কীৰ্তন শুনিছে ৰান মেছিনে
    ডিজিটেল ডেস্কঃ তিনি বছৰ হৈ গ’ল তিনি সংখ্যাৰ ৰান নাই বিৰাটৰ বেটত। এইবাৰ ৰান পোৱাৰ আশাৰে ঈশ্বৰৰ শৰণাপন্ন বিৰাট কোহলি! দৰাচলতে ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত অৱৰ্তীৰ্ণ হোৱাৰ পূৰ্বে পত্নী অনুষ্কা শৰ্মাৰ সৈতে কীৰ্তন শুনিবলৈ গৈছিল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে। লণ্ডনৰ এটা মন্দিৰলৈ গৈ কীৰ্তনৰ সুৰত মচগুল হৈ পৰে  বিৰাট। গ্ৰেমী বঁটাৰ বাবে মনোনীত কৃষ্ণ দাসৰ কীৰ্তনত এই দুই তাৰকাক দেখিবলৈ পোৱা যায়। সম্প্ৰতি, ছবিখন ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

    ছবিখন দেখি নেটিজেনৰ মনত প্ৰশ্ন জগাটো স্বাভাৱিক। বহুতৰ মনত ক্ৰিয়া কৰিছে অন্তহীন কৌতুহলে। ২২ গজৰ যুঁজৰ সময় ভালদৰে যোৱা নাই। চৌদিশে ক্ৰীড়াপ্ৰেমী তথা সমৰ্থকৰ সমালোচনা, বিদ্ৰুপৰ হাঁহি। সেইবাবে, এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিৰাটে কীৰ্তন শুনি নিজৰ মনটো শান্ত কৰিবলৈ চেষ্টা কৰিছে বুলিও বিষয়টো আলোচনা হৈছে।

    মন কৰিবলগীয়া যে, বিৰাট-অনুষ্কাই কীৰ্তন শুনিবলৈ যোৱা কৃষ্ণ দাসৰ প্ৰকৃত নাম জেফ্ৰি কাগেল। কৃষ্ণ সাধনাৰ উদ্দেশ্যেৰে নাম সলনি কৰিছে আমেৰিকান কণ্ঠশিল্পী গৰাকীয়ে। ১৯৯৬ চনৰ পৰা তেওঁৰ প্ৰায় ১৭ টা ভক্তিমূলক গীত আৰু কীৰ্তন এলবাম মুকলি কৰিছে। ২০১২ চনত মুক্তি লাভ কৰা 'আনন্দ' নামৰ এলবামটো ২০১৩ চনৰ গ্ৰেমী বঁটাৰ বাবে মনোনীত হৈছিল।