• টি-২০ বিশ্বকাপলৈ ভাৰতীয় দল নিৰ্বাচনী প্ৰক্ৰিয়াত ক্ষোভিত ক্ৰিকেট অনুৰাগী: টুইটাৰত ট্ৰেণ্ডিঙত ছামী, সঞ্জু

    ক্ৰীড়া
    টি-২০ বিশ্বকাপলৈ ভাৰতীয় দল নিৰ্বাচনী প্ৰক্ৰিয়াত ক্ষোভিত ক্ৰিকেট অনুৰাগী: টুইটাৰত ট্ৰেণ্ডিঙত ছামী, সঞ্জু
    ডিজিটেল ডেস্ক: অহা ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰে বিচিচিআই- এ। ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰতিযোগিতাখনৰ বাবে বাচনি কৰা ১৫ জনীয়া এই দলটোলৈ প্ৰত্যাৱৰ্তন ঘটিছে তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ লগতে আন এগৰাকী পেচাৰ হৰ্ষল পেটেলৰ। আনহাতে আঘাতৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হোৱা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক। আজি দল ঘোষণাৰ পাছতে ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ মাজত দল সম্পৰ্কে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক্ৰিকেট প্ৰেমীৰ এনে প্ৰতিক্ৰিয়াৰ মাজতে চৰ্চিত হৈ পৰিছে ভাৰতীয় দলৰ দুগৰাকী তাৰকা ক্ৰিকেটাৰৰ নাম। 

    উল্লেখ্য যে সদ্য সমাপ্ত এছিয়া কাপত ভাগ লোৱা দলটোৰ মাত্ৰ দুটা সাল-সলনি ঘটায়েই বিশ্বকাপৰ বাবে ১৫ জনীয়া দলটো ঘোষণা কৰে বিচিচিআই- এ। এছিয়া কাপত দলত থকা লেগ স্পিনাৰ ৰবি বিষ্ণৈ আৰু পেচাৰ আভেশ খানক বিশ্বকাপমুখী দলৰ পৰা বাদ দিয়া হৈছে। তেওঁলোকৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে পেচাৰদ্বয় যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেলক। আনহাতে এছিয়া কাপৰ মাজতে ভৰিত আঘাত পোৱা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ স্থানত দলত অন্তৰ্ভুক্ত হৈছে আন এগৰাকী বাওঁহতীয়া স্পীন বলিং অলৰাউণ্ডাৰ অক্সৰ পেটেলক।

    দলটো ঘোষণা কৰাৰ পাছতেই তাৎক্ষণিকভাৱে ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামী আৰু উইকেট-ৰক্ষক বেটাৰ সঞ্জু চেমছনৰ নাম টুইটাৰত ব্যাপকভাৱে চৰ্চিত হ’বলৈ ধৰে। দুয়োগৰাকী তাৰকাক বিশ্বকাপমুখী দলত স্থান নিদিয়াত ক্ষোভিত হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল। বিগত সময়চোৱাত ছামী আৰু চেমছনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতে হওক বা ভাৰতীয় দলৰ হৈয়ে হওক, আশানুৰূপ প্ৰদৰ্শন আগবঢ়াই আহিছে। তাৰ পিছতো তাৰকা দুগৰাকীক দলত অন্তৰ্ভুক্ত নকৰাত ক্ৰিকেট অনুৰাগীসকল ক্ষোভিত হৈ পৰিছে।

    ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বিগত সংস্কৰণত দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। ছামীয়ে আই পি এলৰ বিজয়ী ফ্ৰেঞ্চাইজী গুজৰাট টাইটানছৰ হৈ সৰ্বাধিক উইকেট লাভ কৰাৰ বিপৰীতে চেমছনে সমুখৰ পৰা নেতৃত্ব দি ৰাজস্থান ৰয়েলছক ২০০৮ চনৰ প্ৰথম সংস্কৰণৰ খিতাপ জয়ৰ পিছত প্ৰথমবাৰৰ বাবে ফাইনেললৈ আগুৱাই নিছিল। 

    বিগ হিটাৰ বেটাৰ চেমছনক ইতিমধ্যে ক্ৰিকেট বিশেষজ্ঞ সকলেও টি-২০ ক্ৰিকেটত এগৰাকী বিশেষজ্ঞ বেটাৰ হিচাপে স্বীকৃতি দিছে। সেইদৰে মহম্মদ ছামীৰ দীৰ্ঘ সময়ৰ অভিজ্ঞতা আৰু ধাৰাবাহিকভাৱে আগবঢ়াই অহা প্ৰদৰ্শন ভাৰতীয় বলিং বিভাগৰ বাবে এক অন্যতম শক্তি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি ক্ৰিকেট অনুৰাগীসকলে দুয়োগৰাকী তাৰকাই দলত স্থান লাভ কৰিব বুলি আশা কৰিছিল। 

    কিন্তু অৱশেষত বিচিচিআইৰ ঘোষিত দলটোত দুয়োগৰাকীৰ নাম অন্তৰ্ভুক্ত নোহোৱাত তাৰকা দুগৰাকীক উপেক্ষা কৰা হৈছে বুলি ক্ষোভ উজাৰে অনুৰাগীসকল। অৱশ্যে মহম্মদ ছামীৰ নাম ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে যদিও চেমছনৰ নাম বিবেচনালৈ নানিলে নিৰ্বাচক কমিটিয়ে।

    উল্লেখ্য যে ঘোষিত দলটোত পূৰ্বৰ দৰেই দলৰ মিডল অৰ্ডাৰৰ কামান চম্ভালিব তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। প্ৰায় তিনিবছৰ ধৰি ৰানৰ খৰাঙত ভুগি থকা কোহলীয়ে সদ্য সমাপ্ত এছিয়া কাপত নিজৰ স্বভাৱসিদ্ধ ফৰ্ম ঘূৰাই পাইছে। দুৰ্দান্ত বেটিঙেৰে প্ৰতিযোগিতাখনত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছিল তাৰকাগৰাকী। অন্তিখন মেচত কোহলীয়ে আফগানিস্তানৰ বিপক্ষে বিস্ফোৰক শতকীয় ইনিংছেৰে ইতিমধ্যে টি-২০ বিশ্বকাপৰ বাবে সাজু বুলি প্ৰতীকি ঘোষণা কৰিছেই। কোহলীৰ এই ফৰ্ম ভাৰতীয় দলৰ মূল শক্তি হিচাপে স্বাভাৱিকতেই বিবেচিত হ’ব।

    কোহলীৰ লগতে মিডল অৰ্ডাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব ক্ৰিকেট জগতৰ নৱ ৩৬০৹ খ্যাত সূৰ্যকুমাৰ যাদৱ। ভাৰতীয় দলত স্থান লাভ কৰাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই অহা যাদৱ ইতিমধ্যে দলৰ এক নিৰ্ভৰযোগ্য বেটিং স্তম্ভত পৰিণত হৈছে। কোহলী আৰু যাদৱৰ লগতে দলত আছে আন এগৰাকী উদীয়মান বেটাৰ দীপক হুডা। সেইদৰে তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই দলৰ বেটিং আৰু বলিং বিভাগত সহযোগিতা আগবঢ়াব।

    ঘোষিত দলটোত দুগৰাকী উইকেটৰক্ষক দলত ৰখা হৈছে। শেহতীয়াকৈ আক্ৰমণাত্মক বেটিঙেৰে ফিনিচাৰৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অহা অভিজ্ঞ দীনেশ কাৰ্তিকে বিশ্বকাপত ফিনিচাৰৰ দায়িত্ব পালন কৰিব। আনহাতে টি-২০ ত ব্যৰ্থতাৰ সন্মুখীন হৈ আহিলেও ঋষভ পণ্টকৰ ওপৰত আস্থা ৰাখি দলত স্থান দিয়ে ব’ৰ্ডে। 

    ইফালে দলৰ বলিং আক্ৰমণৰ মূল শক্তি যশপ্ৰীত বুমৰাহৰ অন্তৰ্ভুক্তিয়ে বিশ্বকাপত ভাৰতীয় দলৰ বলিঙত শক্তি বৃদ্ধি কৰিব। বুমৰাহক সহযোগিতা আগবঢ়াব অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে। লগতে থাকিব ডেথ অভাৰ স্পিচিয়েলিষ্ট হৰ্ষল পেটেল আৰু উদীয়মান পেচাৰ অৰ্শদ্বীপ সিং। আনহাতে স্পীন বিভাগত থাকিব অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহাল আৰু অক্সৰ পেটেল। 

    ঘোষিত ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পণ্ট (উইকেট-ৰক্ষক), দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহল, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদ্বীপ সিং।

    ষ্টেণ্ডবাই খেলুৱৈ- মহম্মদ ছামী, শ্ৰেয়স আয়াৰ, ৰবি বিষ্ণৈ দীপক চাহাৰ।