• টি২০ বিশ্বকাপঃ এয়াই শেষ বিশ্বকাপ! অৱসৰৰ ইংগিত দিলে নিউজিলেণ্ডৰ তাৰকা ট্ৰেণ্ট ব’ল্টে

    ক্ৰীড়া
    টি২০ বিশ্বকাপঃ এয়াই শেষ বিশ্বকাপ! অৱসৰৰ ইংগিত দিলে নিউজিলেণ্ডৰ তাৰকা ট্ৰেণ্ট ব’ল্টে
    ডিজিটেল ডেস্কঃ গ্ৰুপ পৰ্যায়ৰ খেল বাকী থকা অৱস্থাত চলিত টি-২০ বিশ্বকাপৰ পৰা আঁতৰি আহিছে নিউজিলেণ্ডে। ইয়াৰ পিছত দলটোৰ পেচাৰ ট্ৰেণ্ট ব’ল্টে কয় যে এইটো তেওঁৰ শেষ টি-২০ বিশ্বকাপ। আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ পৰা অৱসৰ ল’ব নে নাই সেই সন্দৰ্ভত একো কোৱা নাই ব’ল্ট। অৱশ্যে বিশেষজ্ঞসকলৰ মতে অনাগত দিনত টি-২০ ক্ৰিকেটত নিউজিলেণ্ডৰ জাৰ্চি পিন্ধি বল্টক আৰু দেখা নাযায়।

    নিউজিলেণ্ডে আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হৈ তৃতীয়খন মেচত উগাণ্ডাক পৰাস্ত কৰে। অৱশ্যে তেওঁলোকৰ ভাগ্য সলনি নহ’ল। তাৰ আগতে তেওঁলোকে বিশ্বকাপ ছুপাৰ ৮ৰ যুদ্ধ এৰিছিল। উগাণ্ডাৰ মেচখনৰ পাছত সংবাদমেলত ব’ল্টে অৱসৰৰ ইংগিত দিয়ে।

    সংবাদমেলত ব’ল্টে কয়, ‘এয়া মোৰ শেষ টি-২০ বিশ্বকাপ। সেইটোৱেই মোৰ ক’বলগীয়া হৈছিল।" বল্টে লগতে কয় যে চলিত বিশ্বকাপত ব্যৰ্থ হৈ তেওঁলোক কিমান হতাশ। তেওঁ কয়, ‘ছুপাৰ ৮লৈ যাব নোৱাৰাৰ বাবে আমি হতাশ হৈছো। দলৰ সকলো বিধ্বস্ত। প্ৰতিযোগিতাৰ আৰম্ভণিতে আমাক আঘাত কৰা হৈছিল। তাৰ পৰা উভতি আহিব নোৱাৰিলোঁ৷ সেয়াইতো টি-২০ ক্ৰিকেট।"

    টি-২০ বিশ্বকাপত মুঠ ১৭খন খেল খেলিছে বল্টে। ললে ৩২ টা উইকেট। প্ৰতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিক উইকেট গ্ৰহণকাৰীৰ তালিকাত তেওঁ এতিয়াও ১০ নম্বৰত আছে। দুবছৰ পূৰ্বে বল্টে নিজেই নিউজিলেণ্ডৰ কেন্দ্ৰীয় চুক্তিৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ অতি কম আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এইবাৰ তেওঁ টি-২০ৰ পৰা অৱসৰ লোৱাৰ ইংগিত দিলে।