ডিজিটেল ডেস্কঃ ৰাহুল দ্ৰাবিড়ক খেলৰ আটাইতকৈ ভদ্ৰ ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয়। ৰাহুল দ্ৰাবিড়ক লৈ কোনো বিতৰ্কও নাই। তেওঁৰ খেলা-ধূলা আৰু ব্যক্তিত্বত সকলোৱে আপ্লুত হয়। এতিয়া এনে এটা কথা পোহৰলৈ আহিছে, যাৰ বাবে সকলোৱে তেওঁক প্ৰশংসা কৰিছে। তেওঁৰ উজ্জ্বল ব্যক্তিত্বৰ আন এক উদাহৰণ দেখা গ’ল শেহতীয়াকৈ হোৱা এক ঘটনাত।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপত জয়ী হোৱাত ১২৫ কোটি টকাৰ প্ৰাইজমানী ঘোষণা কৰে। তাৰে ৫ কোটি টকা দিয়া হয় মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক। কিন্তু তাৰে ২.৫ কোটি টকা লবলৈ সন্মত নহ’ল ৰাহুল দ্ৰাবিড়।
ৰাহুল দ্ৰাবিড়ে ব’ৰ্ডক তেওঁৰ নগদ পুৰস্কাৰ ২.৫ কোটি টকালৈ হ্ৰাস কৰিবলৈ কয়। ইয়াৰ আঁৰৰ কাৰণটো অতি বিশেষ। তেওঁ বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষকতকৈ বেছি ধন ল’ব বিচৰা নাছিল। কাৰণ সহ প্ৰশিক্ষকসকলেও ২.৫ কোটি টকা লাভ কৰিছিল। প্ৰতিবেদন অনুসৰি বি চি চি আইৰ এক সূত্ৰই জনোৱা মতে- ৰাহুলে তেওঁৰ বাকী সহ প্ৰশিক্ষক (বলিং প্ৰশিক্ষক পৰস মহাম্বেৰে, ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ)ৰ দৰেই সমান ধন (২.৫ কোটি টকা) ল’ব বিচাৰিছিল, তাতকৈ এটকাও বেছি ল'ব বিচৰা নাছিল।
ৰাহুল দ্ৰাবিড়ে কয় যে ''সকলোকে সমান পৰিমাণৰ ধন দিব লাগে। মই সিমানখিনিহে গ্ৰহণ কৰিম যিমানখিনি আন প্ৰশিক্ষকক দিয়া হৈছে।''
২০১৮ চনতো এনেধৰণৰ সিদ্ধান্ত লৈছিল
উল্লেখযোগ্য যে ২০১৮ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী দলৰ মুখ্য প্ৰশিক্ষক হিচাপেও দ্ৰাবিড়ে একেধৰণৰ স্থিতি গ্ৰহণ কৰিছিল। সেই সময়ত দ্ৰাবিড়ে ৫০ লাখ পাইছিল, আনহাতে সহায়ক কৰ্মচাৰীৰ আন সদস্যসকলে ২০ লাখ টকাকৈ লাভ কৰিছিল। দ্ৰাবিড়ে এনে বিভাজন নাকচ কৰাত বিচিচিআইয়ে সকলোকে একেধৰণৰ ধন দিবলৈ বাধ্য হ’ল।
ইয়াৰ পিছতে ব’ৰ্ডে নগদ ধনৰ সংশোধিত তালিকা প্ৰকাশ কৰে, য’ত দ্ৰাবিড়কে ধৰি সহায়ক কৰ্মচাৰীৰ প্ৰতিজন সদস্যই লাভ কৰে ২৫ লাখ টকা। দ্ৰাবিড়ৰ এই নিঃস্বাৰ্থ কৰ্মক সকলোৱে প্ৰশংসা কৰিছিল।
ৰাহুল দ্ৰাবিড়ক সকলোৱে এতিয়া living legend বুলি অভিহিত কৰিছে।
Leave A Comment