• কমনৱেল্‌থ গেম্‌ছ: পাকিস্তানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই জয়েৰে অভিযান আৰম্ভ শিৱ থাপাৰ

    ক্ৰীড়া
    কমনৱেল্‌থ গেম্‌ছ: পাকিস্তানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই জয়েৰে অভিযান আৰম্ভ শিৱ থাপাৰ
    ডিজিটেল ডেস্ক: বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্‌থ গেম্‌ছত জয়েৰে অভিযান আৰম্ভ কৰিলে শিৱ থাপাই৷ পুৰুষৰ ৬৩ কিলোগ্ৰাম ওজনৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ শিৱ থাপাৰ হাতত পৰাস্ত হয় পাকিস্তানৰ বি চুলেমান। ৫-০ ব্যৱধানত চুলেমানক পৰাস্ত কৰে শিৱ থাপাই৷

    কমনৱেল্‌থ গেম্‌ছ ২০২২ চনৰ ৮ আগষ্টলৈকে অনুষ্ঠিত হ’ব আৰু এই অনুষ্ঠানত ৭২খন কমনৱেল্‌থ দেশৰ ৫০০০তকৈও অধিক খেলুৱৈ উপস্থিত থাকিব যিসকলে ২০টা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷ 

    বাৰ্মিংহামৰ ৰিঙত ঘণ্টা বাজি যোৱাৰ লগে লগে থাপাক তেওঁৰ সম্ভাৱনাক লৈ আত্মবিশ্বাসী দেখা গৈছিল।