• Singapore Open Super 500 final: ছিংগাপুৰ অ’পেনত সিন্ধু নিনাদ, প্ৰতিপক্ষক হৰুৱাই খিতাপ দখল ভাৰতীয় তাৰকাৰ

    ক্ৰীড়া
    Singapore Open Super 500 final: ছিংগাপুৰ অ’পেনত সিন্ধু নিনাদ, প্ৰতিপক্ষক হৰুৱাই খিতাপ দখল ভাৰতীয় তাৰকাৰ
    ডিজিটেল ডেস্কঃ পি ভি সিন্ধুৱে চীনৰ ৱাং জি য়িক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অ’পেনত জয়লাভ কৰে। অলিম্পিক ডাবলছ পদক বিজয়ী শ্বাটলাৰগৰাকীয়ে চলিত বৰ্ষত তৃতীয়খন প্ৰতিযোগিতাত জয়ী হৈছে। চীনৰ ৱাং জি য়িৰ সৈতে অনুষ্ঠিত খেলখনৰ ফলাফল আছিল ২১-৯,১১-২১,২১-১৫। দেওবৰীয়া এই মেগা ফাইনেলৰ প্ৰথমখন খেলত সিন্ধুৱে কঢ়িয়াই আনিলে আশাৰ ৰেঙনি। ভাৰতীয় তাৰকাগৰাকীয়ে ২১-৯ৰ ব্যৱধানত জয়ী হয়।

    অৱশ্যে, দ্বিতীয় ৰাউণ্ডত চীনা শ্বাটলাৰগৰাকীয়ে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়। ৱাং জিয়ে একেৰাহে কেইটামান শক্তিশালী শ্বট দি ১১-২১ ব্যৱধানত জয়লাভ কৰে। কিন্তু অৱশেষত ২১-১৫ৰ ব্যৱধানত জয়লাভ কৰে সিন্ধুৱে।

    মন কৰিবলগীয়া যে, শনিবাৰে ছেমি ফাইনেলত জাপানৰ ছাইনা কাৱাকামীক পৰাস্ত কৰিছিল সিন্ধুৱে। দেশৰ অলিম্পিক পদক বিজয়ী যুটিয়ে ষ্ট্ৰেইট খেলত বিজয়ী হৈছিল। ২১-১৫, ২১-৭ ৰ ব্যৱধানত জয়লাভ কৰে সিন্ধুৱে। সিন্ধুৰ পৰাক্ৰমত থমকি ৰৈছিল প্ৰতিপক্ষৰ ৰেকেট।