• স্মৃতি মান্ধনাৰ চমক কমনৱেলথ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ

    ক্ৰীড়া
    স্মৃতি মান্ধনাৰ চমক  কমনৱেলথ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ
    ডিজিটেল ডেস্ক: ২২ সংখ্যক কমনৱেলথ গেমছত ভাৰতীয় মহিলা দলটোৱে দ্বিতীয়খন খেলত পাকিস্তানৰ মহিলা ক্ৰিকেট দলক ৯ উইকেটত পৰাস্ত কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত ৩ উইকেটত পৰাস্ত হোৱাৰ বাবে ভাৰতক এই জয়ৰ অতি প্ৰয়োজন আছিল। ভাৰতৰ এই জয়ত প্ৰথম ইনিংছত আৰু তাৰ পিছত দ্বিতীয় ইনিংছত বলাৰ, আৰু অ’পেনাৰ বেটছমেন স্মৃতি মান্ধনাৰ ডাঙৰ অৱদান আছিল। মান্ধনাই অপৰাজিত অৰ্ধশতক খেলি দলটোক জয়ৰ দিশত আগুৱাই লৈ গৈছিল আৰু কমনৱেলথ গেমছত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে গৌৰৱ অৰ্জন কৰিছিল।

    এই খেলখনত পাকিস্তান দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বৰষুণৰ বাবে এই মেচখন ১৮ অভাৰলৈ হ্ৰাস কৰা হয়, আৰু প্ৰথমে খেলি পাকিস্তানৰ দলটো ১৮ অভাৰত ৯৯ ৰানলৈ হ্ৰাস পায়। ভাৰতৰ হৈ প্ৰথম ইনিংছত স্নেহ ৰানা আৰু ৰাধা যাদৱে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰেণুকা সিং, মেঘনা সিং, আৰু শ্বেফালী ভাৰ্মাই এটাকৈ উইকেট দখল কৰে। পাকিস্তানৰ হৈ অ’পেনাৰ বেটছমেন মুনিবা আলীয়ে ৩৭ ৰানৰ সৰ্বাধিক ইনিংছ খেলিছিল। আনহাতে, কেপ্তেইন মাৰুফে ১৭ ৰান সংগ্ৰহ কৰে।

    ভাৰতে জয়ী হ’বলৈ ১০০ ৰানৰ সহজ লক্ষ্য লাভ কৰিছিল আৰু অ’পেনাৰ বেটছমেন স্মৃতি মান্ধনাই ক্ৰীজলৈ যোৱাৰ লগে লগে নিজৰ উদ্দেশ্য প্ৰকাশ কৰিছিল। যদিও শ্বেফালি অলপ লেহেমীয়া আছিল, তথাপিও মান্ধনাই এক প্ৰকাৰে শক্তিশালী বেটিং কৰি আছিল। প্ৰথম উইকেটৰ বাবে মান্ধানা আৰু শ্বেফালীয়ে ৬১ ৰান ভাগ কৰি তাৰ পাছত শ্বেফালিয়ে ১৬ ৰানত আউট হয়। তাৰ পিছত মেঘনাই ১৪ ৰানৰ ইনিংছ খেলি ভাৰতৰ দ্বিতীয়টো উইকেট পতিত হয় যদিও মান্ধনাই এফালে ক্ৰীজত থাকি ৩টা ছয় আৰু ৮টা ফোৰৰ সহায়ত ৪২টা বলত অপৰাজিত ৬৩ ৰান খেলি ভাৰতীয় দলটোক জয়লাভ কৰায়।

    স্মৃতি মান্ধানাৰ চমু জীৱনী

    ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলা এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানা। স্মৃতিয়ে মূলতঃ বাওঁহাতেৰে বেটিং কৰে যিয়ে ২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপতো দুটা শতক অৰ্জন কৰিছিল। ১৯৯৬ চনৰ ১৮ জুলাইত মহাৰাষ্ট্ৰৰ মুম্বাইত জন্মগ্ৰহণ কৰিছিল স্মৃতি মান্ধানাই। ২০২১ চনত স্মৃতি মান্ধনাই দ্বিতীয়বাৰৰ বাবে আই চি চিৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ খিতাপ দখল কৰে। আই চি চিয়ে তিনিওটা ফৰ্মেটতে ২০২১ চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈ আহিছে