ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বাৰ্মিংহামত ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ। ব্ৰিটিছভূমিত মহাযুদ্ধৰ আৰম্ভণিৰ পূৰ্বে ভাৰতীয় খেলুৱৈ সকলক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে মন্ত্ৰণা। বাৰ্মিংহামলৈ ৰাওনা হোৱাৰ পূৰ্বে বুধবাৰে মোদীয়ে ভাৰতীয় এথলীট সকলৰ সৈতে এক ভাৰ্চুৱেল সভা অনুষ্ঠিত কৰে। তেওঁ ভাৰতৰ কমনৱেলথ স্কোয়াডক কয়, ‘পূৰ্ণ শক্তিৰে খেলা। তোমালোকে নিশ্চয় এটা কথা শুনিছা, কই নেহি হ্যঁ টক্কৰ মে, কিউ পড়ে হো চক্কৰ মে।’
অৰ্থাত্, মোদীৰ ভাষাত ভাৰতক প্ৰত্যাহ্বান জনাব পৰা কোনো নাই কমনৱেলথ গেমছত। স্বাভাৱিকতে, এনেদৰেই ভাৰতীয় এথলীট সকলত অনুপ্ৰাণিত কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
মন কৰিবলগীয়া যে, ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে চলিত বৰ্ষত ৩২২ জন লোকক কমনৱেলথলৈ প্ৰেৰণ কৰিছে। দলটোত ২১৫ গৰাকী খেলুৱৈ আছে। বাকী ১০৭ জন বিষয়া আৰু সহায়ক কৰ্মচাৰী। টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত ভাৰতীয় খেলুৱৈ সকলৰ পৰা স্বাভাৱিকতে প্ৰত্যাশিত প্ৰদৰ্শনৰ পোষকতা কৰিছে দেশৰ নাগৰিকে।
Leave A Comment