ডিজিটেল ডেস্কঃ ছিংগাপুৰ অ’পেন ২০২২ৰ ফাইনেলত প্ৰৱেশ পিভি সিন্ধুৰ। ভাৰতৰ বেডমিণ্টন তাৰকাগৰাকীৰ গতিত মোলান পৰি ৰয় প্ৰতিপক্ষৰ ৰেকেট। ৩১ মিনিট ধৰি চলা খেলখনত পৰাস্ত হয় জাপানৰ ছায়েনা কাৱাকামীয়ে। অলিম্পিকৰ ডাবল মেডেল বিজয়ী শ্বাটলাৰগৰাকীয়ে মাত্ৰ দুটা ৰাউণ্ডতে সমাপ্ত কৰে খেলখন। ২১-১৫, ২১-৭ৰ ব্যৱধানত জয়ী হয় সিন্ধু।
মন কৰিবলগীয়া যে, শনিবাৰে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক মেজাজত আছিল সিন্ধু। অৱশ্যে, প্ৰথমখন খেলত কাৱাকামীয়ে সংগ্ৰাম কৰিছিল। কেতিয়াবা সিন্ধুৱে আগবাঢ়িছিল আৰু কেতিয়াবা কাৱাকামীয়ে ক্ষমতা দেখুৱাই প্ৰত্যাৱৰ্তন কৰিছিল। কিন্তু, দ্বিতীয় ৰাউণ্ডত অসাৰ হৈ পৰে কাৱাকামী।
টকিঅ’ অলিম্পিকৰ পিছৰে পৰা চিনাকী ছন্দত দেখিবলৈ পোৱা নাই সিন্ধুক। প্ৰতিখন প্ৰতিযোগিতাৰ আৰম্ভণি ভালদৰে হ’লেও কিন্তু নক আউটত ৰৈ যাবলগীয়া হৈছে। বিশেষকৈ টাইৱানৰ টাই ট্জু ইং যেন সিদ্ধুৰ বাবে বাটৰ কাঁইট হৈ পৰিছে। লক্ষ্যণীয়ভাৱে, টাই ট্জু ইঙৰ বিৰুদ্ধে এতিয়ালৈকে ১৭ খন মেচত পৰাস্ত হৈছে সিন্ধু। অৱশ্যে, টাই জু ইঙে ছিংগাপুৰ অ’পেনত খেলা নাই। এনে পৰিস্থিতিত সিন্ধুৱে চেম্পিয়ন হোৱাৰ আশা পুনৰ এবাৰ সজীৱ হৈ উঠিছে।
Leave A Comment