ডিজিটেল ডেস্কঃ কুম্ভকৰ্ণৰ দৰে শুই আছিল তাস্কিন আহমেদ! টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলখনৰ আগতে তেওঁ সাৰ পোৱা নাছিল। বাংলাদেশৰ ভাইচ অধিনায়কগৰাকীয়ে দলীয় বাছখন ওলাই যোৱাৰ সময়তে খেলপথাৰলৈ পলমকৈ আহিছিল। তেওঁ টিম লিডাৰৰ ফোনটোও তুলি ল’ব পৰা নাছিল। অৱশ্যে পিছত টাস্কিনে ক্ষমা বিচাৰিলে।
টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বাহিৰ হ’ল বাংলাদেশ। ছুপাৰ ৮ত ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ এখন মেচ আছিল। সেই মেচৰ আগতেই এনেকুৱা হৈছিল। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়াই ক্ৰিকেট ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত কয় -তা‘‘ছকিনে দলীয় বাছ ধৰিব নোৱাৰিলে। ফলত তেওঁ খেলপথাৰত দেৰিকৈ আহিছিল। সঁচা কথা। টোপনি অহাত টাস্কিনে কাৰো ফোন ৰিচিভ নকৰিলে। পিছত অৱশ্যে তেওঁ সতীৰ্থসকলৰ ওচৰত ক্ষমা বিচাৰিলে। বিতৰ্কৰ কোনো কথা নাছিল।"
দলৰ ভাইচ অধিনায়ক হোৱাৰ পিছতো টাস্কিনক ভাৰতৰ বিৰুদ্ধে খেলা নহ’ল। তাৰ পৰিৱৰ্তে জাকেৰ আলীক দললৈ অনা হৈছিল। বাংলাদেশৰ এই সিদ্ধান্তক সমালোচনা কৰা হৈছিল। বিষয়াগৰাকীয়ে কয় যে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে প্ৰশিক্ষকৰ। তেওঁ কয়, ‘ভাৰতৰ মেচখন হয়তো টাস্কিন দলৰ পৰিকল্পনাৰ অংশ নাছিল। তেওঁক কিয় খেলা নহ’ল তাৰ উত্তৰ কেৱল প্ৰশিক্ষকেহে দিব পাৰে। প্ৰশিক্ষক আৰু টাস্কিনৰ মাজত যদি কোনো সমস্যা হ’লহেঁতেন তেন্তে পৰৱৰ্তী মেচত তেওঁক খেলা নহ’লহেঁতেন। কিন্তু টাস্কিনে আফগানিস্তানৰ বিৰুদ্ধে খেলিছিল।"
Leave A Comment