--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পাছতেই লৰেন্স বিষ্ণইৰ পূৰ্বৰ সহযোগী তথা বৰ্তমানৰ প্ৰতিদ্বন্দ্বী ৰোহিত গোদাৰা গেঙে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।

ডিজিটেল ডেস্কঃ বিদেশৰ মাটিত পুনৰ আৰম্ভ হৈছে ভাৰতীয় গেংষ্টাৰৰ ৰক্তক্ষয়ী সংঘৰ্ষ। কানাডাত কুখ্যাত অপৰাধী লৰেন্স বিষ্ণইৰ এজন মুখ্য হেণ্ডলাৰ তথা ঘনিষ্ঠ সহযোগীক গুলীয়াই হত্যা কৰা হৈছে।


এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পাছতেই লৰেন্স বিষ্ণইৰ পূৰ্বৰ সহযোগী তথা বৰ্তমানৰ প্ৰতিদ্বন্দ্বী ৰোহিত গোদাৰা গেঙে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।


ফেচবুক প’ষ্টৰ জৰিয়তে ভাবুকি


ৰোহিত গোদাৰা নামৰ একাউণ্টৰ পৰা কৰা এটা ফেচবুক প’ষ্টত দাবী কৰা হৈছে যে কানাডাত তেওঁলোকৰ বিৰোধী পক্ষৰ এই সদস্যজনক উচিত শিক্ষা দিয়া হৈছে। নিহত ব্যক্তিজন লৰেন্স বিষ্ণইৰ হৈ কানাডাত মেচ ফিক্সিং আৰু ক্ৰিকেট বেটিং ছিণ্ডিকেট চলাই আছিল। গোদাৰা গেঙে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ শত্ৰুক সহায় কৰা যিকোনো ব্যক্তিয়েই তেওঁলোকৰ লক্ষ্য হ'ব।


প’ষ্টটোত লিখা হৈছে, "যিসকলে আমাৰ শত্ৰুৰ লগত হাত মিলাইছে, তেওঁলোক পৃথিৱীৰ যি প্ৰান্ততেই নাথাকক কিয়, কোনো সাৰি নাযাব। এয়া কেৱল আৰম্ভণিহে।"


কোন এই ৰোহিত গোদাৰা?


ৰাজস্থানৰ বিকানেৰৰ পৰা অপৰাধ জগতত খোপনি পোতা ৰোহিত গোদাৰা বৰ্তমান এজন 'মষ্ট ৱাণ্টেড' অপৰাধী। তেওঁৰ বিৰুদ্ধে থকা কেইটামান গুৰুত্বপূৰ্ণ তথ্য:


ৰাজস্থানৰ কুখ্যাত ডন ৰাজু থেহাটক নিজ ঘৰৰ সন্মুখতে হত্যা কৰাৰ অভিযোগত গোদাৰাৰ নাম সাঙোৰ খাই আছে।


পঞ্জাবী গায়ক সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ আঁৰতো গোদাৰাৰ বিশেষ ভূমিকা থকা বুলি তদন্তকাৰী সংস্থাই সন্দেহ কৰিছে।


ৰাজস্থান আৰু হাৰিয়ানাৰ ডাঙৰ ব্যৱসায়ীসকলক কোটি কোটি টকাৰ ধন দাবী কৰাৰ বাবেও তেওঁ পৰিচিত।


কানাডাত সংঘটিত এই ধাৰাবাহিক হত্যাকাণ্ডই ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ (NIA) চিন্তা বৃদ্ধি কৰিছে। লৰেন্স বিষ্ণৈ আৰু ৰোহিত গোদাৰাৰ মাজত চলি থকা এই গেং-ৱাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় অপৰাধী চক্ৰৰ সক্ৰিয়তাকে প্ৰমাণ কৰিছে। বৰ্তমান কানাডা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো আটক হোৱাৰ খবৰ পোৱা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত