--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পাছতেই লৰেন্স বিষ্ণইৰ পূৰ্বৰ সহযোগী তথা বৰ্তমানৰ প্ৰতিদ্বন্দ্বী ৰোহিত গোদাৰা গেঙে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।

ডিজিটেল ডেস্কঃ বিদেশৰ মাটিত পুনৰ আৰম্ভ হৈছে ভাৰতীয় গেংষ্টাৰৰ ৰক্তক্ষয়ী সংঘৰ্ষ। কানাডাত কুখ্যাত অপৰাধী লৰেন্স বিষ্ণইৰ এজন মুখ্য হেণ্ডলাৰ তথা ঘনিষ্ঠ সহযোগীক গুলীয়াই হত্যা কৰা হৈছে।


এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পাছতেই লৰেন্স বিষ্ণইৰ পূৰ্বৰ সহযোগী তথা বৰ্তমানৰ প্ৰতিদ্বন্দ্বী ৰোহিত গোদাৰা গেঙে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।


ফেচবুক প’ষ্টৰ জৰিয়তে ভাবুকি


ৰোহিত গোদাৰা নামৰ একাউণ্টৰ পৰা কৰা এটা ফেচবুক প’ষ্টত দাবী কৰা হৈছে যে কানাডাত তেওঁলোকৰ বিৰোধী পক্ষৰ এই সদস্যজনক উচিত শিক্ষা দিয়া হৈছে। নিহত ব্যক্তিজন লৰেন্স বিষ্ণইৰ হৈ কানাডাত মেচ ফিক্সিং আৰু ক্ৰিকেট বেটিং ছিণ্ডিকেট চলাই আছিল। গোদাৰা গেঙে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ শত্ৰুক সহায় কৰা যিকোনো ব্যক্তিয়েই তেওঁলোকৰ লক্ষ্য হ'ব।


প’ষ্টটোত লিখা হৈছে, "যিসকলে আমাৰ শত্ৰুৰ লগত হাত মিলাইছে, তেওঁলোক পৃথিৱীৰ যি প্ৰান্ততেই নাথাকক কিয়, কোনো সাৰি নাযাব। এয়া কেৱল আৰম্ভণিহে।"


কোন এই ৰোহিত গোদাৰা?


ৰাজস্থানৰ বিকানেৰৰ পৰা অপৰাধ জগতত খোপনি পোতা ৰোহিত গোদাৰা বৰ্তমান এজন 'মষ্ট ৱাণ্টেড' অপৰাধী। তেওঁৰ বিৰুদ্ধে থকা কেইটামান গুৰুত্বপূৰ্ণ তথ্য:


ৰাজস্থানৰ কুখ্যাত ডন ৰাজু থেহাটক নিজ ঘৰৰ সন্মুখতে হত্যা কৰাৰ অভিযোগত গোদাৰাৰ নাম সাঙোৰ খাই আছে।


পঞ্জাবী গায়ক সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ আঁৰতো গোদাৰাৰ বিশেষ ভূমিকা থকা বুলি তদন্তকাৰী সংস্থাই সন্দেহ কৰিছে।


ৰাজস্থান আৰু হাৰিয়ানাৰ ডাঙৰ ব্যৱসায়ীসকলক কোটি কোটি টকাৰ ধন দাবী কৰাৰ বাবেও তেওঁ পৰিচিত।


কানাডাত সংঘটিত এই ধাৰাবাহিক হত্যাকাণ্ডই ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ (NIA) চিন্তা বৃদ্ধি কৰিছে। লৰেন্স বিষ্ণৈ আৰু ৰোহিত গোদাৰাৰ মাজত চলি থকা এই গেং-ৱাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় অপৰাধী চক্ৰৰ সক্ৰিয়তাকে প্ৰমাণ কৰিছে। বৰ্তমান কানাডা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো আটক হোৱাৰ খবৰ পোৱা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান