--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কালি ইউনাইটেড লিবাৰেছন অৱ বড়োলেণ্ড নামৰ এটি নৱগঠিত সংগঠনে ৰঞ্জন দৈমাৰীক শীঘ্ৰেই মুক্তি নিদিলে অক্টোৱৰ মাহত অসমজুৰি বোমা বিস্ফোৰণৰ ভাবুকি দিছিল। ইয়াৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। সংগঠনটোৱে তেওঁলোকৰ এজন সদস্যক হত্যা কৰিলে বিশ গৰাকী লোকক হত্যা কৰা হ’ব বুলিও ভাবুকি প্ৰদান কৰিছিল। কিন্তু এনে ভাবুকি প্ৰদানৰ ২৪ ঘণ্টা নৌহওঁতেই কোকৰাঝাৰ আৰক্ষীৰে হোৱা সংঘৰ্ষত পুৱতি নিশা নিহত হয় সংগঠনটোৰ দুই কেডাৰ টিপকাইৰ জনক ব্ৰহ্ম আৰু পাতগাঁওৰ জৌংসাৰ মুছাহাৰী। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰসহ বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে বুলিও প্ৰকাশ।


আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকে এক সংবাদমেলযোগে সমগ্ৰ ঘটনা সদৰি কৰে। তেওঁ কয় যে বিগত কিছুদিন ধৰি কোকৰাঝাৰৰ উত্তৰাঞ্চলত সক্ৰিয় হৈ উঠিছিল এটি ধনদাবী চক্ৰ। এই চক্ৰটোৰ অত্যাচাৰত অঞ্চলটোৰ সাধাৰণ মানুহ ত্ৰস্তমান হৈ থাকিবলগীয়া হৈছিল। শুক্ৰবাৰে আৰক্ষীয়ে সেই দলৰ দুই সদস্যৰ অঞ্চলটোত উপস্থিতিৰ তথ্য লাভ কৰিছিল আৰু দুয়োকে আটক কৰাৰ বাবে ঘাইপথত তালাচী চলাইছিল। তালাচীকালতে আৰক্ষীৰ বেহু ভেদ কৰি দুই যুৱকে পলায়ন কৰে যদিও অফলাগাঁওত দুৰ্ঘটনাত পতিত হয়। ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে দুয়োকে আটক কৰে আৰু দুয়োৰে পৰা পিষ্টল, দা আদি জব্দ কৰে। স্থানীয় ৰাইজেই দুয়োকে ধনদাবীৰ সৈতে জড়িত বুলি চিনাক্ত কৰে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে সেৰফাংগুৰী থানাত এক গোচৰ ৰুজু কৰে। আৰু থানাত কৰা সোধ-পোচৰ অন্ততে দুয়োগৰাকী ইউ এল বিৰ সদস্য বুলি নিশ্চিত হয় আৰক্ষী।


আৰক্ষীৰ জেৰাত তেওঁলোকে উল্টাপানীত অৱস্থিত ইউ এল বি ৰ কেম্পৰ বিষয়ে কিছু তথ্য সদৰি কৰে। উক্ত কেম্পৰ সন্ধানত আৰক্ষীয়ে দুয়োকে লৈ নিশাই উল্টাপানী বনাঞ্চললৈ যায় যদিও বিপৰীত দিশৰ পৰা উগ্ৰপন্থীয়ে ধাৰাষাৰ গুলীচালনা কৰে। সেই সুযোগতে ধৃতদ্বয়ে পলায়ন কৰে। দুয়োপক্ষৰ মাজত প্ৰায় ৩০ মিনিট ধৰি সংঘৰ্ষ হয়। ইয়াৰ পিছত আৰক্ষীয়ে অঞ্চলটোত তালাচী চলাই গুৰুতৰভাৱে আহত যুৱকদ্বয়ক উদ্ধাৰ কৰে। আহত দুয়োকে চিকিৎসালয়লৈ অনা হয় যদিও আৰক্ষীয়ে মৃত ঘোষণা কৰে। নিহত দুই যুৱক এন ডি এফ বিৰ প্ৰাক্তন সদস্য আৰু ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত বুলি তথ্য প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক পানেছৰে।


ইফালে নিহত জৌংসাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকৰ দাবী যে এক ভুৱা সংঘৰ্ষত হত্যা কৰা হৈছে জৌংসাৰক। তেওঁ এন ডি এফ বিৰ প্ৰাক্তন সদস্যহে। ইউ এল বিৰ সৈতে জৌংসাৰৰ কোনো সংযোগ নাই বুলিও দাবী কৰে পৰিয়ালটোৱে। উল্লেখ্য যে নিহত জৌংসাৰে মাথোঁ ১৫ দিন পূৰ্বে অৰ্জন কৰিছিল এটি কন্য সন্তানৰ পিতৃত্ব। যি নহওঁক, সমগ্ৰ ঘটনাই কোকৰঝাৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ