--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কালি ইউনাইটেড লিবাৰেছন অৱ বড়োলেণ্ড নামৰ এটি নৱগঠিত সংগঠনে ৰঞ্জন দৈমাৰীক শীঘ্ৰেই মুক্তি নিদিলে অক্টোৱৰ মাহত অসমজুৰি বোমা বিস্ফোৰণৰ ভাবুকি দিছিল। ইয়াৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। সংগঠনটোৱে তেওঁলোকৰ এজন সদস্যক হত্যা কৰিলে বিশ গৰাকী লোকক হত্যা কৰা হ’ব বুলিও ভাবুকি প্ৰদান কৰিছিল। কিন্তু এনে ভাবুকি প্ৰদানৰ ২৪ ঘণ্টা নৌহওঁতেই কোকৰাঝাৰ আৰক্ষীৰে হোৱা সংঘৰ্ষত পুৱতি নিশা নিহত হয় সংগঠনটোৰ দুই কেডাৰ টিপকাইৰ জনক ব্ৰহ্ম আৰু পাতগাঁওৰ জৌংসাৰ মুছাহাৰী। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰসহ বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে বুলিও প্ৰকাশ।


আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকে এক সংবাদমেলযোগে সমগ্ৰ ঘটনা সদৰি কৰে। তেওঁ কয় যে বিগত কিছুদিন ধৰি কোকৰাঝাৰৰ উত্তৰাঞ্চলত সক্ৰিয় হৈ উঠিছিল এটি ধনদাবী চক্ৰ। এই চক্ৰটোৰ অত্যাচাৰত অঞ্চলটোৰ সাধাৰণ মানুহ ত্ৰস্তমান হৈ থাকিবলগীয়া হৈছিল। শুক্ৰবাৰে আৰক্ষীয়ে সেই দলৰ দুই সদস্যৰ অঞ্চলটোত উপস্থিতিৰ তথ্য লাভ কৰিছিল আৰু দুয়োকে আটক কৰাৰ বাবে ঘাইপথত তালাচী চলাইছিল। তালাচীকালতে আৰক্ষীৰ বেহু ভেদ কৰি দুই যুৱকে পলায়ন কৰে যদিও অফলাগাঁওত দুৰ্ঘটনাত পতিত হয়। ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে দুয়োকে আটক কৰে আৰু দুয়োৰে পৰা পিষ্টল, দা আদি জব্দ কৰে। স্থানীয় ৰাইজেই দুয়োকে ধনদাবীৰ সৈতে জড়িত বুলি চিনাক্ত কৰে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে সেৰফাংগুৰী থানাত এক গোচৰ ৰুজু কৰে। আৰু থানাত কৰা সোধ-পোচৰ অন্ততে দুয়োগৰাকী ইউ এল বিৰ সদস্য বুলি নিশ্চিত হয় আৰক্ষী।


আৰক্ষীৰ জেৰাত তেওঁলোকে উল্টাপানীত অৱস্থিত ইউ এল বি ৰ কেম্পৰ বিষয়ে কিছু তথ্য সদৰি কৰে। উক্ত কেম্পৰ সন্ধানত আৰক্ষীয়ে দুয়োকে লৈ নিশাই উল্টাপানী বনাঞ্চললৈ যায় যদিও বিপৰীত দিশৰ পৰা উগ্ৰপন্থীয়ে ধাৰাষাৰ গুলীচালনা কৰে। সেই সুযোগতে ধৃতদ্বয়ে পলায়ন কৰে। দুয়োপক্ষৰ মাজত প্ৰায় ৩০ মিনিট ধৰি সংঘৰ্ষ হয়। ইয়াৰ পিছত আৰক্ষীয়ে অঞ্চলটোত তালাচী চলাই গুৰুতৰভাৱে আহত যুৱকদ্বয়ক উদ্ধাৰ কৰে। আহত দুয়োকে চিকিৎসালয়লৈ অনা হয় যদিও আৰক্ষীয়ে মৃত ঘোষণা কৰে। নিহত দুই যুৱক এন ডি এফ বিৰ প্ৰাক্তন সদস্য আৰু ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত বুলি তথ্য প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক পানেছৰে।


ইফালে নিহত জৌংসাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকৰ দাবী যে এক ভুৱা সংঘৰ্ষত হত্যা কৰা হৈছে জৌংসাৰক। তেওঁ এন ডি এফ বিৰ প্ৰাক্তন সদস্যহে। ইউ এল বিৰ সৈতে জৌংসাৰৰ কোনো সংযোগ নাই বুলিও দাবী কৰে পৰিয়ালটোৱে। উল্লেখ্য যে নিহত জৌংসাৰে মাথোঁ ১৫ দিন পূৰ্বে অৰ্জন কৰিছিল এটি কন্য সন্তানৰ পিতৃত্ব। যি নহওঁক, সমগ্ৰ ঘটনাই কোকৰঝাৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?