--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না, মাংকী পক্স নহয় সম্প্ৰতি আতংকৰ কাৰক হৈ থিয় দিছে এবিধ নতুন ভাইৰাছে। ভাৰতত আৰম্ভ হৈছে ন’ৰ’ ভাইৰাছৰ সংক্ৰমণ। কেৰালাত ইতিমধ্যে দুটি শিশু এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।  চিকিৎসকলেও এই ৰোগ সন্দৰ্ভত সতৰ্ক কৰি দিছে দেশৰ নাগৰিকক।

ন’ৰ’ ভাইৰাছ সন্দৰ্ভত কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে, ‘এয়া এক মাৰাত্মক সংক্ৰামক ৰোগ। এই ৰোগৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়।’

ইফালে, আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ তথ্য অনুসৰি এই ভাইৰাছ অতি সংক্ৰামক বুলি অভিহিত কৰিছে। ন’ৰ’ ভাইৰাছক ‘winter vomiting bug’ বা ‘stomach flu’ বুলিও কোৱা হৈছে এই প্ৰতিবেদনত। যদিও ফ্লুৰ সৈতে কোনো সম্পৰ্ক নাই ন’ৰ’ ভাইৰাছৰ।

ন’ৰ’ ভাইৰাছ সংক্ৰমণৰ প্ৰাথমিক লক্ষণ হিচাপে মূলতঃ পেটৰ সমস্যাই দেখা দিয়াৰ লগতে, ডায়েৰিয়া, জ্বৰ, মূৰৰ বিষ, অংগ-প্ৰত্যংগৰ বিষ আদিও হ’ব পাৰে বুলি চিকিত্‍সকে সদৰী কৰিছে।

কেনেকৈ বিয়পিব পাৰে ন’ৰ’ ভাইৰাছ? 

মূলতঃ খাদ্য আৰু পানীৰ পৰা এইবিধ ভাইৰাছ বিয়পে বুলি জানিবলৈ পোৱা গৈছে। খাদ্য বা পানীত যদি এই বীজাণু থাকে তেন্তে তাৰ পৰাই সংক্ৰমিত হ’ব পাৰে। তদুপৰি আক্ৰান্ত ব্যক্তিৰ পৰাও ই বিয়পিব পাৰে।

কেনেকৈ হাত সাৰিব: 

এই সংক্ৰামক ভাইৰাছ বিধৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা আটাইতকৈ উত্তম উপায়। সঘনাই হাত ধুৱাৰ লগতে আক্ৰান্ত ব্যক্তিৰ ওচৰলৈ নোযোৱাটোৱে স্বাস্থ্যৰ পক্ষে সুফলদায়ক।

ৰোগৰ চিকিৎসাঃ 

এতিয়ালৈকে ইয়াৰ কোনো নিৰাময় ব্যৱস্থা ওলোৱা নাই। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিলে এই ৰোগৰ পৰা শীঘ্ৰে আৰোগ্য লাভ কৰিব পৰা যায় বুলি চিকিত্‍সকে সদৰী কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ